44. আদ-দুখান
1হা-মীম।
2শপত সুস্পষ্ট কিতাবৰ
3নিশ্চয় ইয়াক আমি অৱতীৰ্ণ কৰিছো এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।
4সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়
5আমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণকাৰী।
6তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ
7তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজৰ সকলো বস্তুৰ ৰব; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।
8তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ ৰব আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো ৰব।
9বৰং সিহঁতে সন্দেহৰ বশবৰ্তী হৈ খেল-ধেমালি কৰি আছে।
10এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ
11যিটোৱে মানুহক আবৃত কৰি পেলাব। এইটো যন্ত্ৰণাদায়ক শাস্তি।
12(সিহঁতে ক’ব) ‘হে আমাৰ ৰব! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’।
13কেনেকৈ সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰত আহিছিল এজন স্পষ্ট ৰাছুল
14তাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন শিক্ষাপ্ৰাপ্ত উন্মাদ’।
15নিশ্চয় আমি অলপ সময়ৰ কাৰণে শাস্তি ৰহিত কৰিম, (কিন্তু) নিশ্চয় তোমালোক তোমালোকৰ আগৰ অৱস্থালৈ উভতি যাবা।
16যিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা নিশ্চয় আমি হম প্ৰতিশোধ গ্ৰহণকাৰী।
17আৰু অৱশ্যে আমি ইহঁতৰ আগত ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলো আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল
18(তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
19‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ লৈ আহিম।
20‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছো।
21‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।
22তাৰ পিছত তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি ক’লে, ‘নিশ্চয় ইহঁত এটা অপৰাধী সম্প্ৰদায়’।
23(আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’।
24‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত হ’ব ডুবি মৰা বাহিনীৰ অন্তৰ্ভুক্ত’।
25সিহঁতে পিছফালে এৰি গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন
26শস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান
27আৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল।
28এনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলো এটা বেলেগ সম্প্ৰদায়ক।
29এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশ প্ৰাপ্তও নাছিল।
30আৰু অৱশ্যে আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলো
31ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰী সকলৰ মাজত শীৰ্ষস্থানীয়।
32আৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলো।
33আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলো য’ত আছিল সুস্পষ্ট পৰীক্ষা
34নিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে
35‘আমাৰ প্ৰথম মৃত্যুৰ বাহিৰে আন একো নাই, আৰু আমি কেতিয়াও পুনৰুত্থিত নহওঁ।
36‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক লৈ আহা’।
37(কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলো। নিশ্চয় সিহঁত আছিল অপৰাধী।
38আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে ইয়াৰ একোৱেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই
39আমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছো, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।
40নিশ্চয় মীমাংসাৰ দিনটো সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত সময়।
41সেইদিনা এজন বন্ধু আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ও নাপাব।
42কিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁ ব্যতীত। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
43নিশ্চয় যাক্কূম গছ হ’ব
44পাপীৰ খাদ্য
45গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব
46উতলি থকা গৰম পানীৰ দৰে।
47(কোৱা হ’ব) ‘ধৰা তাক আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত
48‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানীৰ শাস্তি ঢালি দিয়া’
49(কোৱা হ’ব) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত
50‘নিশ্চয় এইটোৱেই সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।
51নিশ্চয় মুত্তাক্বীসকল থাকিব নিৰাপদ স্থানত
52বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত
53তেওঁলোকে পৰিধান কৰিব মিহি পাট আৰু ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব।
54এনেকুৱাই হ’ব, আৰু আমি তেওঁলোকৰ বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত
55তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ কব।
56প্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেওঁ তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব
57তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহস্বৰূপে, এইটোৱেই মহা সফলতা।
58এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
59এতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath