ইছলাম
উভতি যাওক

96. আল-আলাক

1পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে

2তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে।

3পঢ়া, কাৰণ তোমাৰ প্ৰতিপালক মহামহিম।

4যিজনে কলমৰ সহায়ত শিক্ষা দিছে।

5তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।

6বাস্তৱতে, মানুহে সীমালঙ্ঘন কৰি থাকে।

7কাৰণ সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।

8নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তন।

9তুমি তাক দেখা নাইনে? যিয়ে নিষেধ কৰে।

10এজন বান্দাক, যেতিয়া তেওঁ ছালাত আদায় কৰে।

11কোৱাচোন, যদিও তেওঁ হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত

12অথবা তাক্বৱাৰ নিৰ্দেশ দিয়ে; (তথাপিও তেওঁক কেনেকৈ বাধা দিয়ে)

13কোৱাচোন যদি সি (নিষেধকাৰী) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়

14সি নাজানে নেকি, নিশ্চয় আল্লাহে দেখি আছে

15কেতিয়াও নহয়, যদি সি বিৰত নাথাকে, তেন্তে নিশ্চয় আমি তাক আগচুলিত ধৰি টানি আনিম।

16মিছলীয়া, পাপিষ্ঠৰ আগচুলি (কপাল)।

17এতেকে সি নিজ পৰিষদক মাতি আনক।

18অনতিপলমে আমি মাতি আনিম জাহান্নামৰ কঠোৰ প্ৰহৰীসকলক।

19কেতিয়াও নহয়, তুমি তাৰ অনুসৰণ নকৰিবা। আৰু তুমি (তোমাৰ প্ৰতিপালকক) ছাজদা কৰা আৰু নৈকট্য লাভ কৰা।

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath