91. এছ-শ্বামছ
1শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ
2শপত চন্দ্ৰৰ যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়
3দিনৰ শপত যেতিয়া সূৰ্যক প্ৰকাশ কৰে
4ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে
5শপত আকাশৰ আৰু সেই সত্তাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে
6পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে
7শপত নফছৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে
8তাৰ পিছত ইয়াক তাৰ সত্কামৰ আৰু অসত্কামৰ জ্ঞান দান কৰিছে
9নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
10আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।
11ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশত অস্বীকাৰ কৰিছিল।
12যেতিয়া সিহঁতৰ মাজৰ হতভাগ্য ব্যক্তিজন তত্পৰ হৈ উঠিল
13তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক ক'লে, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।
14কিন্তু সিহঁতে অস্বীকাৰ কৰিলে আৰু উটজনীক বধ কৰিলে। ফলত সিহঁতৰ পাপৰ বাবে সিহঁতৰ প্ৰতিপালকে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিলে।
15আৰু তেওঁ ইয়াৰ পৰিণামক ভয় নকৰে।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath