ইছলাম
উভতি যাওক

90. আল-বালাদ

1মই শপত কৰিছো এই নগৰখনৰ

2আৰু তুমি এই নগৰৰ অধিবাসী

3শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে।

4নিসন্দেহে আমি মানুহক সৃষ্টি কৰিছো কঠোৰ দুখ-কষ্টৰ মাজত।

5সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাবান নহ’ব

6সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছো'।

7সি ভাবে নেকি যে, কোনেও তাক দেখা নাই

8তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে

9এখন জিভা আৰু দুটা ওঁঠ

10আৰু আমি তাক দুটা পথ দেখুৱাইছো।

11কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।

12আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি

13সেইটো হৈছে, দাসমুক্তি।

14অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা

15নিকটাত্মীয় এতীমক

16অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক

17তাৰ পিছত সি এনেলোকৰ অন্তৰ্ভূক্ত হৈ যায় যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিছে আৰু উপদেশ দিছে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ

18এওঁলোকেই সৌভাগ্যশালী।

19আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হতভাগ্য।

20সিহঁত অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath