ইছলাম
উভতি যাওক

89. আল-ফজৰ

1ফজৰৰ সময়ৰ শপত

2শপত দহ ৰাতিৰ

3শপত যোৰ আৰু বিযোৰৰ

4শপত ৰাতিৰ, যেতিয়া ই বিদায় লয়।

5ইয়াৰ মাজত বোধসম্পন্ন ব্যক্তিৰ বাবে দৃঢ় প্ৰমাণ নাইনে

6তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল

7ইৰাম গোত্ৰৰ লগত, যিহঁতে অধিকাৰী আছিল সুউচ্চ প্ৰসাদৰ

8যাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই

9আৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল

10আৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)

11যিসকলে দেশত সীমালঙ্ঘন কৰিছিল

12তাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।

13ফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিলে।

14নিশ্চয় তোমাৰ প্ৰতিপালক সতৰ্ক দৃষ্টি ৰাখে।

15আৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।

16আৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।

17কেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা

18আৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উত্সাহিত নকৰা

19আৰু তোমালোকে উত্তৰাধিকাৰৰ সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা

20আৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা

21কেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব

22আৰু যেতিয়া তোমাৰ প্ৰতিপালক আগমন কৰিব আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে উপস্থিত হ’ব

23আৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কোন কামত আহিব

24(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোহেঁতেন

25সেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।

26আৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।

27হে প্ৰশান্ত আত্মা

28তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ

29আৰু মোৰ বান্দাসকলৰ অন্তৰ্ভূক্ত হৈ যোৱা

30আৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath