88. আল-গাছিয়া
1তোমাৰ ওচৰত আচ্ছন্নকাৰী (কিয়ামতৰ) সংবাদ আহিছেনে
2সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত
3কৰ্মক্লান্ত, পৰিশ্ৰান্ত
4সিহঁত প্ৰৱেশ কৰিব জ্বলন্ত জুইত
5উত্তপ্ত উতলা নিজৰাৰ পানী পান কৰিবলৈ দিয়া হ’ব
6সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব
7ই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।
8আৰু সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল
9নিজ কৰ্মৰ সাফল্যত পৰিতৃপ্ত
10সুউচ্চ জান্নাতত
11তাত সিহঁতে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব
12তাত থাকিব প্ৰবাহমান নিজৰা
13তাত থাকিব উন্নত শয্যাসমূহ
14আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ
15আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ
16আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ
17ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে
18আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে
19আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে
20আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে
21এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা
22তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।
23কিন্তু কোনোবাই মুখ ঘুৰাই ল’লে অথবা কুফৰী কৰিলে
24তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।
25নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।
26আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath