87. আল-আ'লা
1তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা
2যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
3আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সত্পথ প্ৰদৰ্শন কৰিছে
4আৰু যিজনে তৃণ-লতা উত্পন্ন কৰিছে
5তাৰ পিছত সেইবোৰক ক'লা আবৰ্জনাত পৰিণত কৰিছে।
6অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা
7কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।
8আৰু আমি তোমাৰ বাবে সহজ পথ সুগম কৰি দিম।
9এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়
10উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।
11আৰু যি হতভাগ্য সি ইয়াক অগ্ৰাহ্য কৰিব
12সি ভয়াবহ জুইত প্ৰৱেশ কৰিব।
13তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
14নিশ্চয় সফলতা লাভ কৰিব যিয়ে আত্মশুদ্ধি কৰিব।
15আৰু তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰিব আৰু ছালাত আদায় কৰিব।
16কিন্তু তোমালোকে পৃথিৱীৰ জীৱনক প্ৰাধান্য দিয়া
17অথচ আখিৰাত সৰ্বোত্তম আৰু স্থায়ী।
18নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত
19ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath