86. আত-তাৰিক
1শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে
2আৰু কিহে তোমাক জনাব যে, ‘ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে’ সেয়া নো কি
3(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।
4প্ৰত্যেক জীৱৰ ওপৰতেই তত্ত্বাবধায়ক আছে।
5এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে
6তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত নিৰ্গত হোৱা পানীৰে
7যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।
8নিশ্চয় তেওঁ তাক উভতাই আনিবলৈ সক্ষম।
9যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব
10সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।
11শপত আকাশৰ যিয়ে বৰষুণ ধাৰণ কৰে
12শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়
13নিশ্চয় এইটো (আল-কোৰআন) মীমাংসাকাৰী বাণী।
14আৰু এইটো নিৰৰ্থক নহয়।
15নিশ্চয় সিহঁত ভীষণ ষড়যন্ত্ৰ কৰে
16আৰু ময়ো ভীষণ কৌশল কৰিছো।
17এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath