84. আল-ইনছিকাক
1যেতিয়া আকাশ বিদীৰ্ণ হ’ব
2আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
3আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
4আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
5আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰণীয়।
6হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ নৈকট্য পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁৰ সাক্ষাত লাভ কৰিব পাৰিবা।
7এতেকে যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হব
8অত্যন্ত সহজ ভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
9আৰু সি তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব
10আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব
11সি নিজৰ ধ্বংস আহ্বান কৰিব
12আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব
13নিশ্চয় সি নিজ পৰিয়ালৰ মাজত আনন্দত আছিল
14নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব
15হয়, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
16এতেকে মই শপত কৰিছো পশ্চিম আকাশৰ ৰঙা কিৰণৰ
17ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়
18আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে
19অৱশ্যই তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
20কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়
21আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়
22বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
23আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
24সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া
25কিন্তু যিসকলে ঈমান আনে আৰু সত্কৰ্ম কৰে তেওঁলোকৰ বাবে আছে নিৰবিচ্ছিন্ন প্ৰতিদান।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath