ইছলাম
উভতি যাওক

83. আল-মুটাফিফিন

1ধ্বংস সিহঁতৰ বাবে যিহঁতে জোখ-মাখত কম দিয়ে

2যিহঁতে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে

3আৰু যেতিয়া সিহঁতক মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।

4সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব

5মহাদিৱসত।

6যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।

7কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা ছিজ্জিনত আছে।

8আৰু কিহে তোমাক জনাব ছিজ্জিন কি

9চিহ্নিত আমলনামা।

10সেইদিনা ধ্বংস অস্বীকাৰকাৰীসকলৰ বাবে

11যিহঁতে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।

12আৰু কেৱল প্ৰত্যেক পাপিষ্ঠ সীমালঙ্ঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।

13আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।

14কেতিয়াও নহয়, সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰ ধৰিছে।

15কেতিয়াও নহয়, নিশ্চয় সিহঁত সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।

16তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব

17তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।

18কেতিয়াও নহয়, নিশ্চয় পূ্ণ্যবানলোকসকলৰ আমলনামা থাকিব ইল্লিয়্যীনত।

19আৰু কিহে তোমাক জনাব ইল্লিয়্যীন কি

20চিহ্নিত আমলনামা।

21সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াৰ অবলোকন কৰে।

22নিশ্চয় পূণ্যবানসকলেই থাকিব পৰম সূখ-শান্তিত

23সুসজ্জিত আসনত বহি দৰ্শন কৰিব।

24তুমি সিহঁতৰ মুখমণ্ডলত সূখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা

25সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব

26আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগীতা কৰা উচিত।

27আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ

28(সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে পান কৰিব।

29নিশ্চয় যিহঁতে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল

30আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।

31আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উত্ফল্লিত হৈ উভতিছিল

32আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।

33অথচ সিহঁতক মুমিনসকলৰ তত্ত্ববধায়ক হিচাপে পঠোৱা হোৱা নাই।

34এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।

35সুসজ্জিত আসনত বহি সিহঁতে চাই থাকিব।

36কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath