ইছলাম
উভতি যাওক

82. আল-ইনফিতাৰ

1যেতিয়া আকাশখন বিদীৰ্ণ হ’ব

2আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব

3আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব

4আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব

5তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে।

6হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে

7যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে

8আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।

9কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা

10আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল

11সন্মানিত লেখক বৃন্দ

12তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।

13নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সূখ-শান্তিত।

14আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।

15সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব

16আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।

17আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি

18আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি

19সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath