ইছলাম
উভতি যাওক

80. আবাছা

1তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘুৰাই ল’লে

2তেওঁৰ ওচৰত অন্ধ ব্যক্তিজন অহাৰ কাৰণে।

3কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব

4অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।

5আৰু যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাৱে

6তুমি তাৰ প্ৰতি মনোযোগ দিছা।

7অথচ সি পৰিশুদ্ধ নহ’লে তোমাৰ কোনো দায়িত্ব নাই

8আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিলে

9আৰু সি (আল্লাহক) ভয়ো কৰে

10তাৰ প্ৰতি তুমি উদাসীন হ’লা।

11কেতিয়াও নহয়, নিশ্চয় এইটো উপদেশ বাণী

12গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব

13এইটো মৰ্যদা সম্পন্ন ছহীফাত লিপিবদ্ধ।

14সমুন্নত, পৱিত্ৰ

15লেখক বা দূতসকলৰ হাতত।

16(যিসকল) মহাসন্মানিত, পূণ্যবান।

17মানুহ ধ্বংস হওঁক, কিমান যে অকৃতজ্ঞ

18তেওঁ তাক কি বস্তুৰ পৰা সৃষ্টি কৰিছে

19শুক্ৰবিন্দুৰ পৰা, তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে

20তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে

21তাৰ পিছত তাক মৃত্যু প্ৰদান কৰিলে আৰু কবৰস্থ কৰিলে।

22আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।

23কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰ্ণ কৰা নাই।

24এতেকে মানুহে নিজ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।

25নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ

26তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ

27তাৰ পিছত আমি তাত উত্পন্ন কৰোঁ শস্য

28আঙুৰ আৰু শাক-পাচলি

29যায়তুন আৰু খেজুৰ গছ

30ঘন গছ-গছনি বিশিষ্ট উদ্যান

31ফল-মূল আৰু তৃণ-ঘাঁহ

32এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুৰ জীৱনোপকৰণৰ বাবে।

33এতেকে যেতিয়া তীক্ষ্ন শব্দ আহিব

34সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা

35আৰু তাৰ মাক-বাপেকৰ পৰা

36তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা

37সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।

38সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল

39হাঁহিৰে ভৰা, আনন্দত উত্ফুল্ল

40আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব

41ক’লা আৱৰণে আৱৰি ধৰিব।

42এওঁলোকেই কাফিৰ, অত্যন্ত পাপী।

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath