79. আন-নাজিয়াআত
1শপত নিৰ্মমভাৱে উত্পটনকাৰীসকলৰ।
2আৰু মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।
3আৰু তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।
4আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।
5তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।
6সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।
7তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰী।
8সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।
9সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।
10সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থাত উভতি যাম নে
11যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’
12সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।
13প্ৰকৃততে এইটো এটা বিৰাট শব্দ।
14তত্ক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।
15মূছাৰ ঘটনাটো তুমি পাইছানে
16যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল
17‘ফিৰআউনৰ ওচৰলৈ যোৱা নিশ্চয় সি সীমালঙ্ঘন কৰিছে
18তাৰ পিছত তাক কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰা নে
19আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰো, যাতে তুমি তেওঁক ভয় কৰা’।
20তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।
21কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।
22তাৰ পিছত তেওঁ সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।
23তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে
24আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।
25অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।
26নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।
27তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।
28তেৱেঁই ইয়াৰ চালখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।
29আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।
30তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত কৰিছে।
31তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি
32আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে
33এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ স্বৰূপ।
34আৰু যিদিনা মহাসংকট উপস্থিত হ’ব
35সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে
36আৰু জাহান্নাম প্ৰকাশ কৰা হ’ব দৃষ্টিমান লোকসকলৰ বাবে।
37এতেকে যিয়ে সীমালঙ্ঘন কৰে
38আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে
39নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।
40আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে
41নিশ্চয় জান্নাতেই হ’ব তাৰ আবাসস্থল।
42সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব
43সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে
44ইয়াৰ প্ৰকৃত জ্ঞান (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰত
45যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।
46যিদিনা সিহঁতে ইয়াক দেখিব সেইদিনা সিহঁতৰ এইটো ধাৰণা হব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath