ইছলাম
উভতি যাওক

78. আন-নবা

1সিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে

2মহাসংবাদটোৰ বিষয়ে

3যি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।

4কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

5তাৰপিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।

6আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে

7আৰু পৰ্বতসমূহক পেৰেক

8আৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।

9আৰু তোমালোকৰ টোপনিক কৰিছো বিশ্ৰাম।

10আৰু ৰাতিক কৰি দিছো আৱৰণ।

11আৰু দিনক কৰি দিছো জীৱিকা উপাৰ্জনৰ সময়।

12আৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছো সুদৃঢ় সাতখন আকাশ।

13আৰু আমি সৃষ্টি কৰিছো এটি উজ্জল প্ৰদীপ।

14আৰু আমি বৰ্ষণ কৰিছো মেঘমালাৰ পৰা প্ৰচুৰ পানী।

15যাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰো শস্য আৰু উদ্ভিদ।

16আৰু ঘন সন্নিবিষ্ট উদ্যান।

17নিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।

18সেই দিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।

19আৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।

20আৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।

21নিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।

22সীমালঙ্ঘনকাৰী সকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল।

23তাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।

24তাত সিহঁতে শীতলতা বা উপযুক্ত পানীও ভোগ কৰিব নোৱাৰিব।

25উতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।

26এইটোৱেই উপযুক্ত প্ৰতিফল।

27নিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।

28আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।

29আৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছো।

30এতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰো।

31নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।

32উদ্যানসমূহ আৰু আঙ্গুৰসমূহ।

33আৰু সমবয়সীয়া উদ`ভিন্ন নৱ-যুৱতী তৰুণী।

34আৰু পৰিপূৰ্ণ পানপাত্ৰ।

35তাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।

36আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰষ্কাৰ, যথোচিত দানস্বৰূপ।

37যিজন আকাশসমূহ আৰু পৃথিৱী আৰু এই দুটাৰ মাজত যি আছে সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদনৰ শক্তি সিহঁতৰ কাৰো নাথাকিব।

38সেইদিনা ৰূহ আৰু ফিৰিস্তাসকল শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা নক’ব, আৰু তেওঁ সঠিক কথা ক’ব।

39এই দিনটো সত্য, এতেকে যাৰ ইচ্ছা সিয়ে তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।

40নিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলো। যিদিনা মানুহে নিজ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটি হ'লোহেঁতেন।

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath