77. আল-মুৰছালাত
1শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ
2তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ
3শপত প্ৰচণ্ড সঞ্চালনকাৰীৰ
4তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ
5তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে
6ওজৰ-আপত্তি দূৰীকৰণ আৰু সতৰ্ক কৰাৰ বাবে
7নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া অৱশ্যে সংঘটিত হ’ব।
8যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব
9আৰু যেতিয়া আকাশখন বিদীৰ্ণ কৰা হ’ব
10আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণবিচূৰ্ণ কৰা হ’ব
11আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব
12কোনটো দিনৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে
13বিচাৰ দিনৰ বাবে।
14আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি
15সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
16আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে
17তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।
18অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰো।
19সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
20আমি তোমালোকক ঘৃণনীয় পানীৰ পৰা সৃষ্টি কৰা নাইনে
21তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছো
22এটা নিৰ্দিষ্ট সময় লৈকে
23তাৰ পিছত আমি পৰিমাপ কৰিছো, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী
24সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
25আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে
26জীৱিতসকল আৰু মৃতসকলৰ বাবে
27আৰু আমি তাত স্থাপন কৰিছো সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰাইছো তৃ়ষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।
28সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
29(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।
30যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে
31যিটো ছাঁ শীতল নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব
32নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি
33এনেকুৱা যেন হালধীয়া উটৰ শ্ৰেণী
34সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
35এইটো এনেকুৱা দিন যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব
36আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।
37সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
38‘এইটো ফয়চালাৰ দিন আমি একত্ৰিত কৰিছো তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।
39এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।
40সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
41নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত
42আৰু সিহঁতৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।
43(সিহঁতক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা
44সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকো।
45সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
46(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।
47সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
48যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা সিহঁতে ৰুকু’ নকৰে’।
49সেই দিন দুৰ্ভোগ মিথ্যাৰোপকাৰীসকলৰ বাবে।
50এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোন বাণীৰ প্ৰতি ঈমান আনিব
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath