76. আল-ইনছান
1কালপ্ৰবাহত মানুহৰ ওপৰত এনে এটা সময় অহা নাইনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল
2আমি মানুহক সৃষ্টি কৰিছো মিশ্ৰ শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি সম্পন্ন বনাইছো।
3নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছো, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।
4নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছো শিকলি, গলবেৰি আৰু লেলিহান জুই।
5নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনে পূৰ্ণপাত্ৰৰ পৰা যাৰ মিশ্ৰন হ’ব কাফূৰ।
6এনেকুৱা এটা নিজৰা য’ৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, সিহঁতে ইয়াক নিজ ইচ্ছামতে প্ৰবাহিত কৰিব।
7(কাৰণ) সিহঁতে মান্নত পূৰণ কৰে, আৰু সেই দিনটোক ভয় কৰে যি দিনটোৰ অকল্যাণ হ’ব সুবিস্তৃত।
8সিহঁতে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।
9সিহঁতে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে তোমালোকক খাদ্য দান কৰো, আমি তোমালোকৰ ওচৰত প্ৰতিদান নিবিচাৰো আৰু কৃতজ্ঞতাও নিবিচাৰো।
10নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰো’।
11ফলত আল্লাহে সিহঁতক ৰক্ষা কৰিব সেই দিনৰ অনিষ্টৰ পৰা আৰু সিহঁতক প্ৰদান কৰিব উজ্জ্বলতা আৰু উৎফুল্লতা।
12আৰু সিহঁতৰ ধৈৰ্যৰ পুৰষ্কাৰস্বৰূপে তেওঁ সিহঁতক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।
13তাত সিহঁতে সুসজ্জিত আসনত আউজি বহি থাকিব, তাত সিহঁতে প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।
14সিহঁতৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ আৰু ইয়াৰ ফলমূলৰ থোকবোৰ সিহঁতৰ সম্পূৰ্ণ আয়ত্তাধীন কৰা হ’ব।
15আৰু সিহঁতক ঘুৰি ঘুৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত
16ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, সিহঁতে ইয়াৰ পৰিমাণ কৰিব সম্পূৰ্ণ পৰিমিতভাৱে।
17আৰু তাত সিহঁতক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়
18জান্নাতৰ এনেকুৱা এটা নিজৰা যাৰ নাম হ’ব ছালছাবীল।
19আৰু সিহঁতৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকলে; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনে লাগিব যেন সিহঁত বিক্ষিপ্ত মুকুতা।
20আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিৰাট সাম্ৰাজ্য।
21সিহঁতৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু সিহঁত অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু সিহঁতৰ প্ৰতিপালকে সিহঁতক পৱিত্ৰ পানীয় পান কৰাব।
22নিশ্চয় এইটোৱে তোমালোকৰ পুৰষ্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।
23নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছো।
24এতেকে তুমি ধৈৰ্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ পৰা কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।
25আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।
26আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত হোৱা আৰু ৰাতিৰ দীৰ্ঘ সময় তেওঁৰ পৱিত্ৰতা ঘোষণা আৰু তাছবীহ পাঠ কৰা।
27নিশ্চয় সিহঁত পৃথিৱীৰ জীৱনক ভাল পায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিনটোক উপেক্ষা কৰে।
28আমিয়েই সিহঁতক সৃষ্টি কৰিছো আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছো। আৰু আমি যেতিয়া ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰে (কাৰোবাক) আনি পৰিবৰ্তন কৰি দিম।
29নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে যোৱাৰ পথ বাছি লয়।
30আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
31তেওঁ যাক ইচ্ছা তাকেই নিজ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath