75. আল-কিয়ামা
1মই শপত কৰিছো ক্বিয়ামতৰ দিনৰ
2মই আৰু শপত কৰিছো আত্মনিন্দাকাৰী আত্মাৰ
3মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম
4কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।
5বৰং মানুহে তাৰ ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ বিচাৰে।
6সি প্ৰশ্ন কৰে, কিয়ামতৰ দিনটো কেতিয়া আহিব
7যেতিয়া চকু স্থিৰ হৈ যাব
8আৰু চন্দ্ৰ কিৰণবিহীন হৈ পৰিব
9আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব
10সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’
11কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।
12সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।
13সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব সি আগলৈ কি পঠিয়াইছিল আৰু পিছত কি থৈ আহিছে।
14বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত
15যদিও সি নানা অজুহাত দেখুৱায়।
16ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।
17নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
18এতেকে আমি যেতিয়া ইয়াক পাঠ কৰো তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰা
19তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰেই।
20কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনক ভাল পোৱা
21আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
22সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব
23সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
24আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব
25সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
26নিশ্চয়, যেতিয়া প্ৰাণ কন্ঠাগত হ’ব
27আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’
28তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
29আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
30সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
31এতেকে সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
32বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
33তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল
34দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ
35আকৌ দুৰ্ভোগ তোমাৰ বাবে আৰু দুৰ্ভোগ
36মানুহে ভাৱে নেকি যে, তাক এনেই এৰি দিয়া হ’ব
37সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়
38তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
39তাৰ পিছত তেওঁ তাৰ পৰা যোৰ যোৰ হিচাপে নৰ-নাৰী সৃষ্টি কৰে।
40তথাপিও সেই স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath