74. আল-মুদ্দাথথিৰ
1হে বস্ত্ৰাবৃত
2উঠা, আৰু সতৰ্ক কৰা
3আৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।
4আৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ কৰা
5আৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা
6আৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।
7আৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।
8এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব
9সেই দিনটো হ’ব এটা সংকটৰ দিন
10যিটো কাফিৰসকলৰ বাবে সহজ নহয়।
11যাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছো তাক মোৰ হাতত এৰি দিয়া।
12আৰু যাক মই প্ৰদান কৰিছো বিপুল ধন-সম্পদ
13আৰু (প্ৰদান কৰিছো) নিত্যসঙ্গী পুত্ৰবোৰ।
14আৰু তাক প্ৰদান কৰিছো স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ
15তথাপিও সি কামনা কৰে যে, মই তাক আৰু অধিক দিওঁ
16কেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।
17অনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।
18নিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।
19এতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে
20আকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে
21তাৰ পিছত সি লক্ষ্য কৰিলে।
22তাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।
23তাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।
24তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’
25‘এয়াতো মানুহৰেই কথা’।
26অনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।
27আৰু কিহে তোমাক জনাব ছাক্বাৰ কি
28ই একো অৱশিষ্ট নাৰাখিব আৰু এৰিও নিদিব।
29ই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।
30ছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।
31আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছো; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপ আমি সিহঁতৰ সংখ্যা নিৰ্ধাৰণ কৰিছো যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায় আৰু যাতে কিতাবপ্ৰাপ্তসকলে আৰু মুমিনসকলে সন্দেহ পোষণ নকৰে; আৰু যাতে ইয়াৰ ফলত যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।
32কেতিয়াও নহয়, চন্দ্ৰৰ শপত
33ৰাতিৰ শপত, যেতিয়া ইয়াৰ অৱসান ঘটে
34প্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়
35নিশ্চয় জাহান্নাম মহাবিপদসমূহৰ অন্যতম
36মানুহৰ বাবে সতৰ্ককাৰীস্বৰূপ
37তোমালোকৰ মাজত যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।
38প্ৰত্যেক ব্যক্তি নিজ কৃতকৰ্মৰ বাবে দায়বদ্ধ
39কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে
40জান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব
41অপৰাধীবিলাকৰ বিষয়ে
42কিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে
43সিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলো
44‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলো
45আৰু আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলো।
46আৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলো
47অৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।
48এতেকে ছুপাৰিছকাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।
49এতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে
50সিহঁতে যেন ভীত-সন্ত্ৰস্ত হৈ পলায়নৰত বনৰীয়া গাধ।
51যিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।
52বৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।
53কেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।
54কেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।
55এতেকে যাৰ ইচ্ছা সি ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰক।
56আৰু আল্লাহৰ ইচ্ছাবিহীন কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath