ইছলাম
উভতি যাওক

68. আল কালাম

1নূন; কলমৰ শপত আৰু সিহঁতে যি লিখে তাৰ শপত

2তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহ যে, তুমি উন্মাদ নহয়।

3আৰু নিশ্চয় তোমাৰ বাবে আছে নিৰবিচ্ছিন্ন পুৰষ্কাৰ।

4আৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।

5এতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব

6তোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ

7নিশ্চয় তোমাৰ প্ৰতিপালক সম্যক অৱগত সিহঁতৰ বিষয়ে যিহঁতে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু তেওঁ হিদায়ত প্ৰাপ্তসকলৰ বিষয়েও সম্যক পৰিজ্ঞাত।

8গতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।

9সিহঁতে কামনা কৰে যে, তুমি আপোষকামী হোৱা, তেন্তে সিহঁতেও আপোষকামী হ'ব।

10আৰু তুমি আনুগত্য নকৰিবা প্ৰত্যেক এনে ব্যক্তিৰ যিয়ে অধিক শপতকাৰী, লাঞ্ছিত

11পিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজন চোগলখুৰী কৰি ফুৰে

12কল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালঙ্ঘনকাৰী, পাপিষ্ঠ

13দুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত

14এই বাবেই যে, সি আছিল ধন-সম্পদ আৰু সন্তান-সন্ততিৰ অধিকাৰী।

15যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।

16অতি শীঘ্ৰে আমি তাৰ শুৰত (নাকত) দাগ দিম।

17নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছো, যেনেকৈ পৰীক্ষা কৰিছিলো উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব।

18আৰু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।

19সেয়ে তোমাৰ প্ৰতিপালকৰ ওচৰৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুই) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।

20ফলত ই (জুই লাগি) কলাবৰ্ণৰ নিচিনা হৈ গ’ল।

21ৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে

22‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা তেনেহ’লে পুৱতি নিশাই তোমালোকৰ বাগানলৈ যোৱা’।

23তাৰ পিছত সিহঁতে যাবলৈ ধৰিলে, আৰু নিম্নস্বৰে এই কথা কৈ আছিল

24যে ‘আজি তাত তোমালোকৰ ওচৰত যাতে কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।

25আৰু সিহঁতে পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তি লৈ সক্ষম অৱস্থাত (বাগানলৈ) যাত্ৰা কৰিলে।

26তাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় পথ হেৰুৱাইছো’।

27‘বৰং আমি বঞ্চিত’।

28সিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’

29সিহঁতে ক’লে, ‘আমি আমাৰ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰোঁ। নিশ্চয় আমি যালিম আছিলো’।

30তাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।

31সিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালঙ্ঘনকাৰী আছিলো’।

32সম্ভৱতঃ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈয়ো উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। অৱশ্যে আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।

33এইদৰেই হয় শাস্তি আৰু আখিৰাতৰ শাস্তি আৰু ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।

34নিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।

35আমি মুছলিম (আনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি

36তোমালোকৰ কি হৈছে, তোমালোকে এইটো কেনেকুৱা সিদ্ধান্ত কৰা

37তোমালোকৰ ওচৰত কোনো পুথি আছে নেকি য’ত তোমালোকে অধ্যয়ন কৰা

38যে, নিশ্চয় তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যি তোমালোকে পছন্দ কৰা

39অথবা তোমালোকৰ বাবে আমাৰ লগত কিয়ামত পৰ্যন্ত বলবৎ থকা এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা

40তুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ জিম্মাদাৰ কোন

41অথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।

42সেইদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব

43সিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।

44এতেক এৰি দিয়া মোক আৰু সিহঁতক যিসকলে এই বাণী প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।

45আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।

46তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে

47নে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে

48এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত আহ্বান কৰিছিল।

49যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লেহেঁতেন।

50তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভূক্ত কৰিলে।

51আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায় যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ এজন উন্মাদ (বলিয়া)’।

52অথচ এই কোৰআন কেৱল বিশ্ববাসীৰ বাবে উপদেশ।

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath