61. আছ-ছাফ
1আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যি যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ প্ৰবলপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
2হে ঈমান্দাৰসকল! তোমালোকে যিটো নকৰা সেইটো কিয় কোৱা
3তোমালোকে যিটো নকৰা তোমালোকৰ সেইটো কোৱা আল্লাহৰ দৃষ্টিত বৰ অসন্তোষজনক।
4নিশ্চয় আল্লাহ তেওঁলোকক ভালপায়, যিসকলে তেওঁৰ পথত শাৰীবদ্ধভাৱে যুদ্ধ কৰে; যেনিবা সিহঁত গলিত সীহেৰে নিৰ্মিত সুদৃঢ় প্ৰাচীৰ।
5আৰু স্মৰণ কৰা, মূছাই যেতিয়া তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় মোক কষ্ট দি আছা? অথচ তোমালোকে জানা যে, নিশ্চয় মই তোমালোকৰ প্ৰতি (প্ৰেৰিত) আল্লাহৰ ৰাছুল’। তাৰ পিছত সিহঁতে যেতিয়া বক্ৰ পথ অৱলম্বন কৰিলে তেতিয়া আল্লাহে সিহঁতৰ হৃদয়সমূহক বক্ৰ কৰি দিলে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নকৰে।
6আৰু স্মৰণ কৰা, যেতিয়া মাৰয়ামৰ পুত্ৰ ঈছাই কৈছিল, হে বনী ইছৰাঈল! ‘নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত আল্লাহৰ ৰাছুল আৰু মোৰ পূৰ্বৱৰ্তী তাওৰাতৰ সত্যায়নকাৰী আৰু এজন ৰাছুলৰ সুসংবাদদাতা, যিজন মোৰ পিছত আহিব, যাৰ নাম আহমদ’। তাৰ পিছত তেওঁ যেতিয়া সুস্পষ্ট নিদৰ্শনসমূহ লৈ আগমন কৰিলে, তেতিয়া সিহঁতে ক’লে, ‘এয়া স্পষ্ট যাদু’।
7সেই ব্যক্তিতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে, অথচ তাক ইছলামৰ প্ৰতি আহ্বান কৰা হয়; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
8সিহঁতে আল্লাহৰ জ্যোতিক মুখেৰে ফুঁ মাৰি নিৰ্বাপিত কৰিব বিচাৰে, আৰু আল্লাহে নিজ জ্যোতিক পূৰ্ণতাদানকাৰী। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।
9তেৱেঁই নিজ ৰাছুলক প্ৰেৰণ কৰিছে হিদায়ত আৰু সত্য দ্বীনসহ সকলো দ্বীনৰ ওপৰত তেওঁক বিজয়ী কৰাৰ বাবে, যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।
10হে ঈমান্দাৰসকল! মই তোমালোকক এনে এটা ব্যৱসায়ৰ সন্ধান দিমনে, যিটো তোমালোকক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিব
11সেয়া হৈছে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিবা। এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানা।
12তেওঁ তোমালোকৰ বাবে তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব; আৰু তোমালোকক এনে জান্নাতত প্ৰৱেশ কৰাব যাৰ তলেদি নদীসমূহ প্ৰবাহিত, আৰু চিৰস্থায়ী জান্নাতসমূহৰ উত্তম বাসগৃহসমূহতো (প্ৰৱেশ কৰাব)। এইটোৱে মহাসফলতা।
13লগতে (তেওঁ প্ৰদান কৰিব) আৰু এটা অনুগ্ৰহ, যিটো তোমালোকে পছন্দ কৰা। (অৰ্থাৎ) আল্লাহৰ তৰফৰ পৰা সহায় আৰু নিকটবৰ্তী বিজয়; আৰু তুমি মুমিনসকলক সুসংবাদ দিয়া।
14হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ সহায়কাৰী হোৱা, যেনেকৈ মাৰয়ামৰ পুত্ৰ ঈছাই হাৱাৰীসকলক কৈছিল, ‘আল্লাহৰ পথত কোনে মোৰ সহায়ক হ’বা’? হাৱাৰীসকলে কৈছিল, ‘আমিয়েই আল্লাহৰ পথত সহায়কাৰী’। তাৰ পিছত বনী ইছৰাঈলৰ এটা দলে ঈমান আনিলে আৰু আন এটা দলে কুফৰী কৰিলে। সেয়ে, যিসকলে ঈমান আনিছিল আমি তেওঁলোকক তেওঁলোকৰ শত্ৰুবাহিনীৰ ওপৰত শক্তিশালী কৰিলো। ফলত তেওঁলোক বিজয়ী হ’ল।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath