56. আল-ৱাকিয়া
1যেতিয়া কিয়ামত সংঘটিত হ’ব
2(তেতিয়া) ইয়াৰ সংঘটনৰ অস্বীকাৰকাৰী কোনো নাথাকিব।
3ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব
4যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব
5আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব
6ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব
7আৰু তোমালোকে বিভক্ত হৈ পৰিবা তিনিটা দলত
8এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যবান
9আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া
10আৰু অগ্ৰগামীসকলেই অগ্ৰগামী
11তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত
12তেওঁলোক থাকিব নিয়ামতপূৰ্ণ জান্নাতসমূহত
13বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা
14আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
15সোণেৰে নিৰ্মিত আসনমূহত
16সিহঁতে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
17সিহঁতৰ আশে-পাশে ঘুৰিফুৰিব চিৰ কিশোৰসকলে
18প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ
19সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব
20আৰু (ঘুৰিফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ
21আৰু তেওঁলোকৰ ৰুচী অনুযায়ী চৰাইৰ মাংস লৈ।
22আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ
23যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে
24সিহঁতে যি আমল কৰিছিল তাৰ পুৰষ্কাৰস্বৰূপ।
25তাত সিহঁতে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব
26শুনিব কেৱল ছালাম আৰু ছালাম।
27আৰু সোঁফালৰ দল; কিমান যে ভাগ্যবান সোঁফালৰ দলটো
28তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ
29আৰু থোকেৰে ভৰা কল গছ
30আৰু সম্প্ৰসাৰিত ছাঁ
31আৰু সদায় প্ৰবাহমান পানী
32আৰু প্ৰচুৰ ফল-মূল
33যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
34আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত
35নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছো বিশেষৰূপত
36তাৰ পিছত সিহঁতক কুমাৰী বনাইছো
37নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া
38সোঁফালৰ লোকসকলৰ বাবে।
39সিহঁতৰ বেছিভাগেই হ'ব পূৰ্বৱৰ্তীলোকসলৰ মাজৰ পৰা
40আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
41আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো
42সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত
43আৰু অতি ক'লা ধোঁৱাৰ ছাঁত
44যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
45নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল
46আৰু সিহঁত অবিৰাম লিপ্ত আছিল জঘন্য পাপ কামত।
47আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’
48আৰু আমাৰ পিতৃপুৰুষসকলকো (উঠোৱা হ’বনে)
49কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো
50সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
51তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল
52নিশ্চয় আহাৰ কৰিবা যাক্কুম গছৰ পৰা
53সেইটোৰেই তোমালোকে পেট ভৰাবা
54তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী
55তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
56প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
57আমিয়েই তোমালোকক সৃষ্টি কৰিছো; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা
58তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে
59সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো
60আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছো আৰু আমি অক্ষম নহওঁ
61তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
62আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা
63তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে
64সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰো
65আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰো, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা
66(এই বুলি) ‘নিশ্চয় আমি দায়গ্ৰস্ত হৈ পৰিলো’
67‘বৰং আমি বঞ্চিত হৈছো’।
68তোমালোকে যি পানী পান কৰা সেই সম্পৰ্কে কোৱাচোন
69মেঘৰ পৰা সেইটো তোমালোকে নমাই আনা, নে আমি সেইটো বৰ্ষণ কৰো
70আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰো। তথাপিও কিয় তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা
71তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে কোৱাচোন
72তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰো
73ইয়াক আমি কৰিছো এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ প্ৰয়োজনীয় বস্তু।
74এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
75এতেকে মই শপত কৰিছো নক্ষত্ৰৰাজিৰ অস্তাচলৰ
76আৰু নিশ্চয় এইটো এটা মহাশপত, যদি তোমালোকে জানিলাহেঁতেন
77নিশ্চয় এইটো মহিমান্বিত কোৰআন
78যিটো আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
79পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
80এইটো সৃষ্টিজগতৰ প্ৰতিপালকৰ পৰা অৱতীৰ্ণ।
81তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি
82আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা
83এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়
84আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা
85আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকো, কিন্তু তোমালোকে দেখা নোপোৱা।
86এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা
87তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘুৰাই নান কিয়? যদি তোমালোকে সত্যবাদী
88তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়
89তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
90আৰু সি যদি হয় সোঁফালৰ দলৰ এজন
91তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
92কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন
93তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা
94আৰু জাহান্নামৰ দহনেৰে
95নিশ্চয় এইটো সুনিশ্চিত সত্য।
96এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath