ইছলাম
উভতি যাওক

55. আৰ-ৰহমান

1আৰ-ৰাহমান, (দয়াময় আল্লাহ)

2তেৱেঁই শিক্ষা দিছে কোৰআন

3তেৱেঁই সৃষ্টি কৰিছে মানুহ

4তেৱেঁই তাক ভাষা শিকাইছে

5সূৰ্য আৰু চন্দ্ৰ নিৰ্ধাৰিত হিচাপ অনুযায়ী আৱৰ্তন কৰে

6আৰু তৃণলতা আৰু বৃক্ষাদিয়ে ছাজদা কৰে

7আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী

8যাতে তোমালোকে জোখ-মাখত সীমালঙ্ঘন নকৰা।

9আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।

10আৰু পৃথিৱীখনক তেওঁ সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে

11য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত

12আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।

13এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

14তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত শুকান মাটিৰ পৰা যিটো পোৰা মাটিৰ দৰে

15আৰু তেৱেঁই জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।

16এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

17তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।

18এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

19তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়

20কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।

21এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

22উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।

23এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

24আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন)

25এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

26ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল

27আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহাৰা, যিজন মহিমাময়, মহানুভৱ

28এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

29আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থী, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।

30এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

31হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিবেশ কৰিম।

32এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

33হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তিবিহীন অতিক্ৰম কৰিব নোৱাৰিবা।

34এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

35তোমালোক উভয়ৰ প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ, তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।

36এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

37যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব

38এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

39গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।

40এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

41অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।

42এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

43এইটোৱেই সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।

44সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।

45এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

46আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুটা জান্নাত।

47এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

48উভয়েই বহু ফল শাখাবিশিষ্ট।

49এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

50উভয় জান্নাতত আছে প্ৰবাহমান দুটা নিজৰা

51এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

52উভয়ৰ মাজত আছে প্ৰত্যেক ফল দুই দুই প্ৰকাৰ।

53এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

54তাত সিহঁতে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।

55এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

56তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

57এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

58সিহঁত যেনিবা হীৰা আৰু মুকুতা।

59এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

60উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰু কি হ’ব পাৰে

61এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

62আৰু সেই দুটা জান্নাতৰ বাহিৰেও আৰু দুটা জান্নাত আছে।

63এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

64জান্নাত দুটা হৈছে ঘন সেইউজীয়া।

65এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

66এই দুটা জান্নাতত আছে উচ্ছলিত দুটা নিজৰা।

67এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

68তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।

69এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

70সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।

71এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

72চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।

73এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

74যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

75এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

76সিহঁতে আউজি বহিব সেইউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।

77এতেকে তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহ অস্বীকাৰ কৰিবা

78বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath