ইছলাম
উভতি যাওক

54. আল-কামাৰ

1কিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে

2আৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদু’।

3আৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।

4আৰু সিহঁতৰ ওচৰত সংবাদসমূহ আহি পাইছে, য’ত আছে সতৰ্কবাণী

5এটা পৰিপূৰ্ণ হিকমত, কিন্তু ভীতিপ্ৰদৰ্শন সিহঁতৰ কোনো কামত আহা নাই।

6এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে

7অপমানিত অৱনমিত নয়নেৰে সেইদিনা সিহঁতে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেন সিহঁত বিক্ষিপ্ত ফৰিঙহে

8সিহঁতে আহ্বানকাৰীৰ ফালে ভীত-সন্ত্ৰস্ত অৱস্থাত গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো বৰ কঠিন দিন’।

9ইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ এজন বলিয়া’, আৰু তেওঁক ভীতি প্ৰদৰ্শন কৰা হৈছিল।

10তেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।

11ফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলো

12আৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলো; ফলত গোটেই পানী মিলিত হ’ল এটা পৰিকল্পনা অনুসাৰে।

13আৰু আমি তাক (নূহক) কাঠ আৰু পেৰেক নিৰ্মিত নৌযানত আৰোহণ কৰালো।

14যিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰষ্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।

15আৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছো; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী

16এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল

17আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে

18আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল

19নিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলো প্ৰচণ্ড শীতল ধুমুহা নিৰবিচ্ছিন্ন অমঙ্গল দিনত

20সেই ধুমুহাই মানুহক উৎখাত কৰিছিল, যেন সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ড।

21এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল

22আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে

23ছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

24আৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেহ’লে আমি পথভ্ৰষ্টতাত আৰু উন্মত্ততাত পতিত হম।

25আমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি এজন মিছলীয়া, দাম্ভিক’।

26অহাকালি নিশ্চয় সিহঁতে গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।

27নিশ্চয় আমি সিহঁতৰ বাবে পৰীক্ষাস্বৰূপ উট পঠাই আছো, এতেকে তুমি সিহঁতৰ বিষয়ে অপেক্ষা কৰা আৰু ধৈৰ্যধাৰণ কৰা।

28আৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ অংশত উপস্থিত হ’ব।

29তাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।

30এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল

31নিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলো এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালী সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ গ’ল।

32আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে

33লূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

34নিশ্চয় আমি সিহঁতৰ ওপৰত শীল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলো, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো ৰাতিৰ শেষাংশত

35আমাৰ ফালৰ পৰা অনুগ্ৰহস্বৰূপ। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।

36আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধান বাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।

37আৰু নিশ্চয় সিহঁতে লূতৰ পৰা তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলো (আৰু ক’লো), মোৰ শাস্তি আৰু সাৱধান বাণীৰ সোৱাদ লোৱা।

38আৰু নিশ্চয় পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত বিৰামহীন শাস্তি নামি আহিছিল।

39‘এতেকে মোৰ শাস্তি আৰু সাৱধান বাণীৰ পৰিণাম ভোগ কৰা’।

40আৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছো উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা উপদেশ গ্ৰহণকাৰী আছেনে

41আৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো সতৰ্ককাৰী আহিছিল

42সিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিলে, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিলো।

43তোমালোকৰ মাজৰ কাফিৰসকল সেইসকল কাফিৰতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে

44নে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজয় দল’

45এই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠ দেখুৱাই পলায়ন কৰিব

46বৰং কিয়ামত সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্তকৰ

47নিশ্চয় অপৰাধীসকল বিভ্ৰান্তি আৰু শাস্তিত আছে।

48যিদিনা সিহঁতক নাক চোঁচৰাই টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ স্পৰ্শ ভোগ কৰা’।

49নিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছো।

50আৰু আমাৰ আদেশ কেৱল এটা কথা, চকুৰ পলকৰ দৰে।

51আৰু আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছো; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে

52আৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে

53আৰু সকলো সৰু-বৰ কথা লিখিত আছে।

54নিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত

55যথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।

উত্‍স: Shaykh Rafeequl Islam Habibur Rahman

WEBREATH · 11:11

«If you are thankful, I will give you more» — Quran 14:7

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath