46. আল-আহকাফ
1হা-মীম
2এই কিতাব মহা পৰাক্ৰমশালী প্ৰজ্ঞাময় আল্লাহৰ তৰফৰ পৰা নাযিলকৃত
3আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু আমি যথাযথ ভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছো; আৰু যিসকলে কুফৰী কৰিছে, সিহঁতক যি বিষয়ে ভীতি প্ৰদৰ্শন কৰা হৈছে তাৰ পৰা সিহঁতে বিমুখ হৈ আছে।
4সিহঁতক কোৱা, ‘তোমালোকৰ ধাৰণা কি, তোমালোকে আল্লাহৰ পৰিবৰ্তে যিসকলক আহ্বান কৰা মোক দেখুৱাচোন সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে নেকি অথবা আকাশসমূহত সিহঁতৰ কিবা অৰিহনা আছে নেকি? ইয়াৰ পূৰ্বৱৰ্তী কোনো কিতাব অথবা পৰম্পৰাগত কোনো জ্ঞান থাকিলে সেয়া তোমালোকে মোৰ ওচৰত লৈ আহা, যদি তোমালোকে সত্যবাদী হোৱা’।
5আৰু সেই ব্যক্তিতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে, যিয়ে আল্লাহৰ পৰিবৰ্তে এনে কিছুমানক আহ্বান কৰে যিবোৰে কিয়ামত দিৱস লৈকে তাৰ আহ্বানত সঁহাৰি নিদিব? আৰু সেইবোৰ সিহঁতৰ আহ্বান সম্পৰ্কেও উদাসীন।
6আৰু যেতিয়া কিয়ামতৰ দিনা মানুহক একত্ৰিত কৰা হ’ব তেতিয়া সেইবোৰ হ’ব সিহঁতৰ শত্ৰু আৰু সেইবোৰে সিহঁতৰ ইবাদত অস্বীকাৰ কৰিব।
7আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ সুস্পষ্ট আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সত্য অহাৰ পিছতো সিহঁতে কয়, ‘এয়া দেখুন সুস্পষ্ট যাদু’।
8অথবা সিহঁতে কয় যে, ‘এওঁ এইটো নিজেই উদ্ভাৱন কৰিছে’। কোৱা, ‘যদি এইটো মই নিজে উদ্ভাৱন কৰিছো, তেন্তে মোক আল্লাহৰ শাস্তিৰ পৰা বচাবলৈ তোমালোকৰ অকণো অধিকাৰ নাই। তোমালোকে যি বিষয়ে আলোচনাত লিপ্ত হৈছা, সেই বিষয়ে আল্লাহ সবিশেষ অৱগত। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে তেৱেঁই যথেষ্ট আৰু তেওঁ ক্ষমাশীল, পৰম দয়ালু’।
9কোৱা, ‘ৰাছুলসকলৰ মাজত ময়েই নতুন নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰো। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।
10সিহঁতক কোৱা, ‘কোৱাচোন তোমালোকে, যদি এই কোৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে আৰু তোমালোকে ইয়াক অস্বীকাৰ কৰিছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে এই বিষয়ে অনুৰূপ সাক্ষী প্ৰদান কৰি তাৰ প্ৰতি ঈমান আনিলে; কিন্তু তোমালোকে ঔদ্ধত্য প্ৰকাশ কৰিলা, (তেনেহ’লে তোমালোকৰ পৰিণাম কি হ’ব?) নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে’।
11যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘যদি এয়া মানি লোৱা ভাল হ’লেহেঁতেন তেন্তে সিহঁতে আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।
12ইয়াৰ পূৰ্বে আছিল মুছাৰ কিতাব পথ প্ৰদৰ্শক আৰু ৰহমতস্বৰূপ, আৰু এই কিতাব (সেইটোৰে) সমৰ্থক, আৰবী ভাষাত, যাতে ই যালিমসকলক সতৰ্ক কৰে, লগতে ই মুহছিনসকলৰ বাবে সুসংবাদ।
13নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচল থাকে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
14তেওঁলোকেই জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰষ্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ’ব।
15আৰু আমি মানুহক সিহঁতৰ পিতৃ-মাতৃৰ প্ৰতি সদয় ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছো। তাৰ মাকে তাক বহু কষ্টৰে গৰ্ভত ধাৰণ কৰিছিল আৰু বহু কষ্টৰে প্ৰসৱ কৰিছিল, তাক গৰ্ভত ধাৰণ কৰা আৰু পিয়াহ খোৱা এৰুৱাবলৈ লাগিছিল ত্ৰিশ মাহ, অৱশেষত যেতিয়া সি পূৰ্ণ শক্তি প্ৰাপ্ত হয় আৰু চল্লিশ বছৰত উপনীত হয়, তেতিয়া সি কয়, হে মোৰ ৰব! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰো, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে লগতে যাতে মই এনেকুৱা সৎকৰ্ম কৰিব পাৰো যিটো তুমি পছন্দ কৰা, আৰু মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া, নিশ্চয় মই তোমাৰেই অভিমুখী হৈছো আৰু নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।
16এওঁলোকেই সেইসকল লোক, যিসকলৰ উৎকৃষ্ট আমলসমূহ আমি কবুল কৰো আৰু তেওঁলোকৰ বেয়া আমলসমূহ আমি ক্ষমা কৰি দিওঁ, তেওঁলোকেই জান্নাতবাসীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক যিটো প্ৰতিশ্ৰুতি দিয়া হৈছে, সেয়া সত্য প্ৰতিশ্ৰুতি।
17আৰু যিয়ে তাৰ পিতৃ-মাতৃক কয়, ‘আফচোচ তোমালোকৰ বাবে! তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোক পুনৰুত্থিত কৰা হ’ব অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে’? তেতিয়া তাৰ পিতৃ-মাতৃ আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে আৰু তাক কয়, ‘দুৰ্ভাগ্য তোৰ! ঈমান আন, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য’। তেতিয়া সি কয়, ‘এয়া অতীত কালৰ উপকথাৰ বাহিৰে আন একো নহয়’।
18ইহঁতেই সেইসকল লোক, যিসকলৰ প্ৰতি শাস্তিৰ সেই ফয়চালা সাব্যস্ত হৈছে, যিটো সত্য প্ৰমাণিত হৈছিল সিহঁতৰ পূৰ্বে যিবোৰ উম্মত অতিবাহিত হৈছে জিন আৰু মানৱৰ পৰা সেইসকলৰ ওপৰত। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।
19আৰু প্ৰত্যেকৰে বাবে সিহঁতৰ আমল অনুসাৰে মৰ্যাদা আছে; যাতে আল্লাহে প্ৰত্যেকৰে কৰ্মৰ পূৰ্ণ প্ৰতিফল প্ৰদান কৰে। লগতে সিহঁতৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।
20আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত পেচ কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) তোমালোকে তোমালোকৰ পাৰ্থিৱ জীৱনতেই যাৱতীয় সুখ-শান্তি লৈ গৈছা আৰু সেইবোৰ উপভোগো কৰিছা। এতেকে আজি তোমালোকক দিয়া হ’ব অৱমাননাকৰ শাস্তি; কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে ঔদ্ধত্য প্ৰকাশ কৰিছিলা আৰু তোমালোকে অবাধ্যতা কৰিছিলা।
21আৰু স্মৰণ কৰা আদ সম্প্ৰদায়ৰ ভাতৃৰ কথা, যেতিয়া তেওঁ আহক্বাফত নিজ সম্প্ৰদায়ক সতৰ্ক কৰিছিল। যাৰ আগত আৰু পিছতো সতৰ্ককাৰী আহিছিল (এই নিৰ্দেশ লৈ) যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে মহাদিৱসৰ শাস্তিৰ আশংকা কৰিছো’।
22সিহঁতে ক’লে, ‘তুমি আমাক আমাৰ উপাস্যবোৰৰ পৰা নিবৃত্ত কৰিবলৈ আহিছা নেকি? অন্যথা তুমি যদি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হৈ থকা তেন্তে আমাৰ লগত তুমি যি প্ৰতিশ্ৰুতি কৰিছা সেয়া লৈ আহা’।
23তেওঁ ক’লে, ‘এই জ্ঞান কেৱল আল্লাহৰ ওচৰতহে। মই যিটো লৈ প্ৰেৰিত হৈছো কেৱল সেইটোহে মই তোমালোকৰ ওচৰত প্ৰচাৰ কৰো, কিন্তু মই দেখি আছো তোমালোক এটা মুৰ্খ সম্প্ৰদায়’।
24তাৰ পিছত যেতিয়া সিহঁতে সিহঁতৰ উপত্যকাৰ পিনে মেঘ অহা দেখিলে তেতিয়া সিহঁতে ক’বলৈ ধৰিলে, ‘এই মেঘে আমাৰ ইয়াত বৰষুণ দিব’। নহয়, বৰং এইটোৱে সেই শাস্তি যিটোৰ বাবে তোমালোকে খৰধৰ কৰিছিলা, এজাক বৰষুণ, য’ত আছে যন্ত্ৰণাদায়ক শাস্তি।
25‘ই তাৰ প্ৰতিপালকৰ নিৰ্দেশত সকলো বস্তু ধ্বংস কৰি দিব’। ফলত সিহঁত এনেকুৱা (ধ্বংস) হৈ গ’ল যে, সিহঁতৰ আবাসস্থলৰ বাহিৰে আন একো দেখা পোৱা নগ’ল। এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল প্ৰদান কৰি থাকো।
26আৰু অৱশ্যে আমি সিহঁতক যেনেকৈ প্ৰতিষ্ঠিত কৰিছিলো তোমালোকক তেনেকৈ প্ৰতিষ্ঠিত কৰা নাই; আৰু আমি সিহঁতক দিছিলো কাণ, চকু আৰু হৃদয়; তথাপিও সিহঁতৰ কাণ, চকু আৰু হৃদয় কোনো কামত অহা নাছিল, যেতিয়া সিহঁতে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰিছিল। আৰু যি বিষয়ে সিহঁতে ঠাট্টা-বিদ্ৰূপ কৰিছিল, সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিলে।
27আৰু অৱশ্যে আমি ধ্বংস কৰিছিলো তোমালোকৰ চাৰিওফালে থকা জনপদমূহ; আৰু আমি বিভিন্নভাৱে আয়াতসমূহ বিবৃত কৰিছিলো, যাতে সিহঁতে উভতি আহে।
28এতেকে যিহঁতে আল্লাহৰ সান্নিধ্য লাভ কৰাৰ বাবে আল্লাহৰ পৰিবৰ্তে যিবোৰক উপাস্যৰূপে গ্ৰহণ কৰিছিল সেইবোৰে সিহঁতক সহায় নকৰিলে কিয়? বৰং সেইবোৰ সিহঁতৰ পৰা হেৰাই গ’ল, কাৰণ এইটো আছিল সিহঁতৰ মনেসজা মিছা প্ৰতাৰণা; যিটো সিহঁতে অলীক উদ্ভাৱন কৰিছিল।
29আৰু স্মৰণ কৰা, যেতিয়া আমি তোমাৰ ফালে জিনৰ এটা দল আনিছিলো। যিসকলে মনোযোগ সহকাৰে কোৰআন পাঠ শুনি আছিল। এতেকে যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত উপস্থিত হৈছিল, তেওঁলোকে পৰস্পৰে কৈছিল, ‘মনে মনে শুনা’। তাৰ পিছত যেতিয়া কোৰআন পাঠ সমাপ্ত হ’ল তেতিয়া তেওঁলোকে সতৰ্ককাৰীৰূপে নিজ সম্প্ৰদায়ৰ ওচৰত উভতি গ’ল।
30তেওঁলোকে কৈছিল, ‘হে আমাৰ সম্প্ৰদায়! নিশ্চয় আমি এনে এটা পুথিৰ পাঠ শুনিছো যিটো অৱতীৰ্ণ হৈছে মুছাৰ পিছত, ই তাৰ পূৰ্বৱৰ্তী কিতাবসমূহক সমৰ্থন কৰে লগতে সত্য আৰু সৰল পথৰ পিনে হিদায়ত কৰে।
31‘হে আমাৰ সম্প্ৰদায়! আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি দিয়া আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁ তোমালোকৰ পাপসমূহ ক্ষমা কৰি দিব আৰু যন্ত্ৰণাদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব’।
32আৰু যিয়ে আল্লাহৰ ফালে আহ্বানকাৰীৰ প্ৰতি সঁহাৰি নিদিয়ে (মনত ৰখা উচিত) সি কিন্তু পৃথিৱীত আল্লাহক অপাৰগ কৰিব নোৱাৰিব; আৰু আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱকো নাই। সিহঁতেই আছে সুস্পষ্ট বিভ্ৰান্তিৰ মাজত।
33সিহঁতে দেখা নাইনে যে, নিশ্চয় আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু এইবোৰৰ সৃষ্টিত তেওঁ কোনো ক্লান্তবোধ কৰা নাই, তেৱেঁই মৃতক জীৱন দান কৰিবলৈ সক্ষম? নিশ্চয় হয়, নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
34আৰু যিসকলে কুফৰী কৰিছে যিদিনা সিহঁতক জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব (সেইদিনা সিহঁতক কোৱা হ’ব) ‘এইটো সঁচা নহয় নে’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় সঁচা’। তেওঁ ক’ব, ‘তেন্তে শাস্তি ভোগ কৰা; কাৰণ তোমালোকে কুফৰী কৰিছিলা’।
35এতেকে তুমি ধৈৰ্য ধাৰণ কৰা যেনেকৈ ধৈৰ্য ধাৰণ কৰিছিল দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলে। তুমি সিহঁতৰ বাবে খৰখেদা নকৰিবা। সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছে সেয়া যিদিনা সিহঁতে দেখিবলৈ পাব, সেইদিনা সিহঁতৰ ধাৰণা হ’ব, সিহঁতে যেনিবা পৃথিৱীত এটা মুহূৰ্তৰ বেছি সময় অৱস্থান কৰা নাছিল। এয়া এটা ঘোষণা, এতেকে কেৱল ফাছিক্ব সম্প্ৰদায়কেই ধ্বংস কৰা হ’ব।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath