31. লুকমান
1আলিফ-লাম-মীম।
2এইবোৰ প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত
3সৎকৰ্মশীল সকলৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ
4যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেওঁলোকেই আখিৰাতৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰে
5তেওঁলোকেই নিজ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত আৰু তেওঁলোকেই সফলকাম।
6আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।
7আৰু যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সি অহংকাৰত মুখ ঘূৰাই নিয়ে যেনিবা সি এইটো শুনাই পোৱা নাই, যেনিবা তাৰ দুয়ো কাণ বধিৰ; এতেকে তাক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।
8নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিয়ামতপূৰ্ণ জান্নাত
9তাত তেওঁলোক স্থায়ী হ’ব। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আৰু তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
10তেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, যিটো তোমালোকে দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে লগতে ইয়াত সিচৰিত কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰো তাৰ পিছত ইয়াত উৎপন্ন কৰো নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ।
11এইটো আল্লাহৰ সৃষ্টি। এতেকে তেওঁৰ বাহিৰে আনে কি সৃষ্টি কৰিছে মোক দেখুৱাচোন? বৰং যালিমসকল আছে স্পষ্ট বিভ্ৰান্তিত।
12আৰু অৱশ্যে আমি লুক্বমানক হিকমত দান কৰিছিলো আৰু কৈছিলো যে, আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। আৰু যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে আৰু যদি কোনোবাই অকৃতজ্ঞ হয় তেন্তে নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।
13আৰু স্মৰণ কৰা, যেতিয়া লুক্বমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল, ‘হে মোৰ পুত্ৰ! আল্লাহৰ লগত শ্বিৰ্ক নকৰিবা। নিশ্চয় শ্বিৰ্ক মহা অন্যায়’।
14আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ দিছো। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাৰ পিয়াহ এৰোৱাৰ সময় হৈছে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।
15আৰু যদি তোমাৰ পিতৃ-মাতৃয়ে তোমাক মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা দিয়ে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সদ্ভাৱে। তুমি তাৰ পথ অৱলম্বন কৰা যিয়ে মোৰ অভিমুখী হৈছে। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতেই, তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা।
16‘হে মোৰ পুত্ৰ! নিশ্চয় সেয়া (পাপ-পূণ্য) যদি সৰিয়হৰ বীজৰ সমানো হয়, আৰু ই যদি থাকে শিলাগৰ্ভত অথবা আকাশসমূহত নাইবা পৃথিৱীত, আল্লাহে সেইটোকো উপস্থিত কৰিব। নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
17‘হে মোৰ পুত্ৰ! ছালাত কায়েম কৰা, সৎকৰ্মৰ আদেশ কৰা আৰু অসৎকৰ্ম নিষেধ কৰা, লগতে তোমাৰ ওপৰত যি (বিপদ) আপতিত হয় তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম।
18আৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা আৰু পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।
19আৰু তুমি তোমাৰ চলা-ফুৰাৰ ক্ষেত্ৰত মধ্যপন্থা অৱলম্বন কৰা আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰা, নিশ্চয় মাতৰ ভিতৰত আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত।
20তোমালোকে লক্ষ্য কৰা নাইনে? নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলোবোৰকেই আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু তোমালোকৰ প্ৰতি তেওঁৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনুগ্ৰহ সম্পূৰ্ণ কৰিছে; আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে কোনো জ্ঞান, কোনো পথনিৰ্দেশ অথবা কোনো দীপ্তিমান পুথিবিহীন আল্লাহ সম্পৰ্কে বিতণ্ডা কৰে।
21আৰু সিহঁতক যেতিয়া কোৱা হয় যে, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তোমালোকে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষ সকলক যিটোৰ ওপৰত পাইছো সেইটোৰেই অনুসৰণ কৰিম’। চয়তানে যদি সিহঁতক জ্বলন্ত জুইৰ পিনে আহ্বান কৰে তথাপিও, (সিহঁতে পিতৃপুৰুষ সকলৰ অনুসৰণ কৰিবনে)
22আৰু যিয়ে একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পন কৰে, তেওঁ নিশ্চিতভাৱে এডাল মজবুত ৰছী ধাৰণ কৰে; আৰু যাৱতীয় কৰ্মৰ পৰিণাম আল্লাহৰেই ওচৰত।
23আৰু কোনোবাই কুফৰী কৰিলে, তাৰ কুফৰীয়ে যেন তোমাক চিন্তিত নকৰে। আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। এতেকে আমি সিহঁতক অৱহিত কৰিম সিহঁতে যি কৰিছিল। নিশ্চয় অন্তৰসমূহত যি আছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।
24আমি সিহঁতক অলপ সময় ভোগ কৰিবলৈ দিম। তাৰ পিছত আমি সিহঁতক কঠিন শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম।
25আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহে’। কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ অধিকাংশই নাজানে।
26আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহৰেই; নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, চিৰপ্ৰশংসিত।
27আৰু পৃথিৱীৰ সকলো গছ যদি কলম হয় আৰু সাগৰ, তাৰ পিছত আৰু সাতোটা সাগৰ চিয়াহী হয়, তথাপিও আল্লাহৰ বাণী শেষ নহ’ব। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
28তোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰে। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।
29তুমি দেখা নাইনে, নিশ্চয় আল্লাহেই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়? তেৱেঁই চন্দ্ৰ-সূৰ্যক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, প্ৰত্যেকেই বিচৰণ কৰে এটা নিৰ্দিষ্ট সময় লৈকে। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
30এইবোৰেই প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহ, তেৱেঁই সত্য আৰু সিহঁতে তেওঁৰ বাহিৰে যিবোৰক আহ্বান কৰে সেইবোৰ হৈছে বাতিল। নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোচ্চ, সুমহান।
31তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহৰ অনুগ্ৰহতেই নৌযানসমূহ সাগৰত বিচৰণ কৰে, যাতে তেওঁ তেওঁৰ কিছু নিদৰ্শন তোমালোকক দেখুৱাব পাৰে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক ধৈৰ্যশীল কৃতজ্ঞ ব্যক্তিৰ বাবে।
32আৰু যেতিয়া ঢৌৱে সিহঁতক ছাঁৰ দৰে আচ্ছন্ন কৰে, তেতিয়া সিহঁতে একনিষ্ঠ অৱস্থাত আনুগত্যৰ সৈতে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক উদ্ধাৰ কৰি স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতৰ কিছুমানে মধ্যম পন্থা অৱলম্বন কৰে। আৰু কেৱল বিশ্বাসঘাতক, কাফিৰ ব্যক্তিয়েই আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।
33হে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা আৰু ভয় কৰা সেই দিনটোক, যিদিনা কোনো পিতৃয়ে তাৰ সন্তানৰ ফালৰ পৰা একো আদায় নকৰিব, এইদৰেই কোনো সন্তানেও তাৰ পিতৃৰ ফালৰ পৰা একো আদায় নকৰিব। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, এতেকে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰবঞ্চকেও যেন তোমালোকক কেতিয়াও আল্লাহ সম্পৰ্কে প্ৰবঞ্চিত কৰিব নোৱাৰে।
34নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহা কালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath