101. আল-কাৰিয়া
1ভীতিপ্ৰদ মহা বিপদ।
2ভীতিপ্ৰদ মহা বিপদ কি
3ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা
4সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।
5আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙ্গিন ঊণৰ দৰে।
6এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব
7তেওঁ থাকিব সন্তোষজনক জীৱনত
8আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব
9তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।
10আৰু তুমি কি জানা সেইটোনো কি
11ই এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।
WEBREATH · 11:11
«If you are thankful, I will give you more» — Quran 14:7
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath