খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

পৰমগীত 1

1ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই- কইনাই নিজৰ ভালপোৱা স্বীকাৰ কৰা: প্রিয়াৰ কথা

2তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।

3তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।

4(যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা। আন ৰমণীসকলৰ প্রতি:

5হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।

6মই ক’লা বাবেই মোলৈ চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। মোৰ ভাই-ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰী ৰ যত্ন ল’ব পৰা নাই। প্রিয়ৰ প্রতি যুৱতীৰ কথা:

7হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম? চলোমন আৰু তেওঁৰ কন্যা দুয়ো দুয়োতে সুখী প্রিয়ৰ কথা:

8তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।

9হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ।

10গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।

11মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম। প্রিয়াৰ কথা:

12ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।

13মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।

14মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়। প্রিয়ৰ কথা:

15চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা। প্রিয়াৰ কথা:

16চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।

17এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath