ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 7
1হে ভাই সকল, মানুহ যিমান কাল জীয়াই থাকে, সিমান আয়ুস কাললৈহে যে বিধানে তাৰ ওপৰত প্ৰভুত্ব কৰে, ইয়াক আপোনালোকে নাজানে নেকি? যি সকলে বিধান জানে, মই সেই বিধান জনা সকলক কৈছোঁ
2কাৰণ সধৱা স্ত্ৰী, জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা, কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁৰ স্বামীৰ বিধানৰ পৰা মুক্ত হয়।
3এতেকে তেওঁৰ স্বামী জীয়াই থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে, তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হ’লে তেওঁ বিধানৰ পৰা মুক্ত হয়, পাছত আন পুৰুষৰ হ’লেও, তেওঁ ব্যাভিচাৰীণী নহয়।
4সেইদৰে, হে মোৰ ভাই সকল, আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ , এই কাৰণে আপোনালোকো আন এজনৰ, অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হ’বলৈ, খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হ’ল।
5কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলোঁ, তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ , বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে।
6কিন্তু এতিয়া আমি বিধানৰ পৰা মুক্ত হ’লো; যিহতে বন্ধ আছিলোঁ, তাৰ সম্বন্ধে আমি মৃত হ’লো৷ গতিকে এতিয়া আমি আখৰৰ লিখনিৰ প্ৰাচীনতাৰে নহয়, কিন্তু আত্মাৰ নতুনতাৰে সেৱাকৰ্ম কৰোঁ।
7তেনেহলে আমি কি ক’ম? বিধানেই পাপ নে? এনে নহওক। কিন্তু পাপনো কি, সেই মই বিষয়ে আগতে নাজানিছিলোঁ; কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালোঁ৷ “কিয়নো তুমি লোভ নকৰিবা,” বিধানে ইয়াক নোকোৱা হ’লে, লোভ নো কি সেই বিষয়ে নাজানিলোহেঁতেন৷
8কিন্তু পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে, কিয়নো বিধান অবিহনে পাপ মৃত।
9পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ।
10দেখা গ’ল যে, জীৱনৰ কাৰণে দিয়া যি আজ্ঞা, সেই আজ্ঞা মোৰ বাবে মৃত্যুজনক হ’ল৷
11কিয়নো পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোক ভুলায় আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে।
12এই কাৰণে বিধান পবিত্ৰ, আজ্ঞাও পবিত্ৰ, ন্যায়পৰায়ণ আৰু উত্তম।
13তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল।
14কিয়নো বিধান যে আত্মিক, সেই বিষয়ে আমি জানো, কিন্তু মই হ’লে মাংসিক৷ মই পাপৰ অধীনলৈ বিক্ৰীত হ’লো।
15কাৰণ মই যি সাধন কৰোঁ, সেই বিষয়ে মই আচলতে নাজানো৷ কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰোঁ; কিন্তু যিহকে ঘিণাও, তাকেই কৰোঁ ।
16কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেনেহলে বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰোঁ।
17কিন্তু এতিয়া মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে।
18কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷ ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাৰো।
19কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ; কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকেই কৰোঁ।
20কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে।
21এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।
22কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ;
23কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।
24হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব?
25আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰোঁ।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath