ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 14
1যি জন বিশ্বাসত দূৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়।
2কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দূৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়।
3যি জন লোকে সকলো খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায়, তেওঁ খোৱা জনৰ বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে।
4অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে।
5কোনো এজনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে; আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে, কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্ৱাসত দৃঢ় কৰি ৰাখক।
6যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক।
7কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকো আৰু কোনেও নিজৰ কাৰণে নমৰো।
8কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ।
9কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হ’বলৈ, খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল।
10কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।
11কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে কৈছে, “মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব, আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।”
12এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব।
13এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে।
14স্বভাৱতে কোনো বস্তু যে অশুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ; কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়।
15কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয়, তেনেহলে আপুনি প্ৰেম আচৰণ কৰা নহ’ল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব।
16এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব;
17কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ।
18কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষাসিদ্ধ।
19এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক।
20খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু শুচি; তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ।
21মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত।
22আপোনাৰ যি নির্দিষ্ট বিশ্বাসবোৰ আছে, সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক। যি জনে যি বিষয়ক যোগ্য জ্ঞান কৰে, সেই বিষয়ত নিজৰ বিচাৰ নকৰা জন ধন্য।
23কিন্তু সংশয় কৰা জনে যদি খায়, তেনেহলে তেওঁক দোষী কৰা হ’ল; কিয়নো সেয়ে বিশ্বাসমূলক নহয়; আৰু যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath