খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 12

1এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।

2আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷

3কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।

4কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়,

5তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ।

6কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷

7যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷

8উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক।

9প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি উত্তম, তাত আসক্ত হওক৷

10ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷

11যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷

12আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক;

13পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক।

14যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক।

15যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক।

16আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক ৷ নিজৰ নিজৰ মনত জ্ঞানী নহব।

17অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷

18যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক।

19হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।”

20“কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা; যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা; তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”।

21কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath