খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

প্ৰকাশিত বাক্য 5

1তেতিয়া মই দেখিলোঁ, সেই জনৰ সোঁ হাতে সিংহাসনত এজন বহি আছে, এটা পুথিৰ নুৰা আগফালে আৰু পাছফালে লিখা আৰু সাতোটা ছাবেৰে ছাব মৰা আছিল৷

2মই এজন প্ৰভাৱশালী দূত দেখিলোঁ; তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, “এনে কোন ব্যক্তি আছে যি জনে এই নুৰাটো খুলিব আৰু তাৰ ছাববোৰ মেলিবৰ বাবে উপযুক্ত”?

3স্বৰ্গত বা পৃথিৱীত বা পৃথিৱীৰ তলত থকা কোনেও সেই নুৰা মেলিব বা সেই পুথি খন পঢ়িব নোৱাৰিলে।

4তেতিয়া মই অনেক ক্ৰন্দন কৰিলোঁ, কাৰণ সেই নুৰাটো মেলি পঢ়িবলৈ কোনো এজন যোগ্য ব্যক্তি পোৱা নগ’ল।

5কিন্তু সেই পৰিচাৰক সকলৰ এজনে মোক ক’লে, “তুমি ক্ৰন্দন নকৰিবা; চোৱা! যি জন যিহূদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ, তেওঁ জয়যুক্ত হৈ সেই নুৰা আৰু তাৰ সাতোটা ছাব মেলিবলৈ সমৰ্থ হ’ল”।

6তেতিয়া মই সেই সিংহাসনৰ আৰু চাৰি জীৱিত প্ৰাণীৰ মাজত আৰু সেই পৰিচাৰক সকলৰ মাজত, হত হোৱাৰ নিচিনা মেৰ-পোৱালি এটা থিয় হৈ থকা দেখিলোঁ; তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছিল - এইবোৰ পৃথিৱীৰ সকলো ঠাইতে পঠোৱা সাতোটা ঈশ্বৰৰ আত্মা।

7তেওঁ আহি সিংহাসনত বহি থকা জনৰ সোঁ হাতৰ পৰা সেই নুৰাটো ল’লে৷

8যেতিয়া তেওঁ সেই নুৰাটো ল’লে তেতিয়া জীৱিত প্ৰাণী চাৰিটা আৰু সেই চৌবিশ জন পৰিচাৰকে নিজে মেৰ-পোৱালি জনৰ সন্মুখলৈ আহি উবুৰি হৈ পৰিল৷ তেখেত সকলৰ হাতত গাইপতি বীণা আৰু পবিত্ৰ লোক সকলৰ প্ৰাৰ্থনা স্বৰূপ সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাটি আছিল।

9আৰু তেখেত সকলে এটি নতুন গীত গালে: “নুৰাটো ল’বলৈ আৰু তাৰ ছাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷

10আৰু আমাৰ ঈশ্বৰৰ সেৱাৰ উদ্দেশ্যে তেওঁলোকক ৰাজ্য স্বৰূপ আৰু পুৰোহিত পাতিলে, তাতে তেওঁলোকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব”।

11তেতিয়া মই চাওতে সেই সিংহাসনৰ চাৰিওফালে অনেক স্বৰ্গৰ দূতৰ মাত শুনিলোঁ; তেওঁলোকৰ সংখ্যা 20,00,00,000 আছিল; তেওঁলোকৰ সৈতে সেই জীৱিত প্ৰাণী চাৰিটা আৰু পৰিচাৰক সকলো আছিল৷

12তেওঁলোক সকলোৱে বৰ মাতেৰে ক’লে, “হত হোৱা যি মেৰ-পোৱালি, তেৱেঁই পৰাক্ৰমী, ধন, জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু প্ৰশংসা পোৱাৰ যোগ্য”।

13আৰু স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু আছে সেই সকলোৱে কোৱা শুনিলোঁ, “সিংহাসনত বহি থকা জন আৰু মেৰ-পোৱালি জনৰ প্ৰশংসা, মৰ্যদা, মহিমা আৰু পৰাক্ৰম চিৰকাল হওক”।

14আৰু সেই জীৱিত প্ৰাণী চাৰিটাই ক’লে, “আমেন”! আৰু সেই পৰিচাৰক সকলে সমৰ্পিত হৈ মাটিত পৰি আৰাধনা কৰিলে’।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath