খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

প্ৰকাশিত বাক্য 16

1পাছত পবিত্ৰ মন্দিৰৰ পৰা এটা মহা-বাণী কোৱা শুনিলো আৰু সেই সাত জন দূতলৈ এইদৰে কলে, “তোমালোকে যোৱা আৰু ঈশ্বৰৰ ক্ৰোধৰ সেই সাতোটা বাটি পৃথিৱীত বাকি দিয়া।”

2তেতিয়া প্ৰথম জন দূতে গৈ পৃথিৱীত নিজৰ বাটি বাকি দিলে; তাতে সেই পশুৰ ছাব থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা লোক সকলৰ গাত জঘন্য আৰু ক্লেশ-দায়ক বিষম ঘা হ’ল।

3দ্বিতীয় জন দূতে সাগৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে মৃত লোকৰ তেজৰ নিচিনা হ’ল; আৰু সাগৰত থকা আটাই জীৱিত প্ৰাণী মৰিল।

4তৃতীয় জন দূতে নদী আৰু জলৰ ভুমুকবোৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে তেজ হৈ বৈ গ’ল।

5তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা।

6যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাববাদী সকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”

7পাছত মই বেদিয়ে এই কথা কোৱা শুনিলোঁ, “হয়, হে সকলোৰে ওপৰত শাসন কৰা প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ-আজ্ঞাবোৰ সত্য আৰু ন্যায়।”

8চতুৰ্থ দূত জনে সুৰ্য্যৰ ওপৰত নিজৰ বাটি বাকি দিলে; আৰু মানুহক জুইৰে তাপিত কৰিবলৈ তেওঁক ক্ষমতা দিয়া হ’ল।

9তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হৈ, এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে৷ সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন-পালটন নকৰিলে।

10পঞ্চম দূত জনে পশুৰ সিংহাসনৰ ওপৰত নিজৰ বাটি বাকি দিলে; তাতে তাৰ ৰাজ্য অন্ধকাৰময় হ’ল; আৰু তেওঁলোকে মনোকষ্টত নিজ নিজ জিভা কামুৰিলে;

11আৰু নিজ নিজ বেদনা আৰু ঘা বোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰি নিজ নিজ কৰ্মৰ পৰা মন-পালটন নকৰিলে।

12ষষ্ঠ দূত জনে ফৰাৎ মহা-নদীত নিজৰ বাটি বাকি দিলে; তাতে পূব দিশৰ পৰা অহা ৰজা সকলৰ পথ প্ৰস্তুত কৰিবলৈ, সেই নদীৰ পানী শুকাই গ’ল।

13পাছত সেই ড্ৰেগনৰ মুখৰ পৰা, পশুৰ মুখৰ পৰা আৰু ভাঁৰিকোৱা ভাববাদীৰ মুখৰ পৰা, ভেকুলিৰ সদৃশ তিনটা অশুচি আত্মা ওলোৱা দেখিলোঁ।

14কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।

15(মন কৰিবা! মই চোৰৰ নিচিনাকৈ আহিম। ধন্য এনে লোক যি জনে নিজ গাত বস্ত্ৰ ৰাখি জাগি থাকে, যাতে তেওঁ উলঙ্গ হৈ বাহিৰলৈ ওলাব নালাগে আৰু তেওঁৰ লাজ আন লোকে দেখা নাপায়।)

16পাছত সিহঁতে ইব্ৰী ভাষাত হৰমাগিদ্দোন বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।

17সপ্তম দূত জনে আকাশত নিজৰ বাটি বাকি দিলে; তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহা-বাণী ওলাল, ‘এইটো কৰা হ’ল৷’

18তেতিয়া বিজুলী, গুমগুমনি, মেঘ-গৰ্জ্জন আৰু মহা-ভুমিকম্প হ’ল, তেনে ভুমিকম্প পৃথিৱীত মনুষ্য সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল; এই ভুমিকম্প অতি ভয়ানক আছিল৷

19তাতে মহা-নগৰ খন তিনি ভাগত বিভক্ত হ’ল আৰু অনা-ইহুদী সকলৰ নগৰবোৰ পৰিল; আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পান-পাত্ৰ সেই মহান বাবিলক দিবলৈ, ঈশ্বৰৰ দৃষ্টিতে তাক সোঁৱৰণ কৰা গ’ল।

20আৰু আটাই দ্বীপ নোহোৱা হ’ল, পৰ্বতবোৰো পুনৰ পোৱা নগ’ল।

21আৰু মানুহৰ ওপৰত, আকাশৰ পৰা এমোন এমোন গধুৰৰ মহা-শিলাবৃষ্টি হ’ল; এই শিলা-বৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে; কিয়নো সেই উৎপাত অতি ভয়ানক।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath