খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 97

1যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপ সমূহেও আনন্দ কৰক।

2তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল ।

3অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।

4তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।

5পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।

6আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।

7লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।

8হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।

9হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।

10যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে ; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।

11ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।

12হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath