খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 93

1যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।

2তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল; তুমি অনাদি কালৰে পৰা বিদ্যমান।

3হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।

4মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।

5তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য; হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath