খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 62

1মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।

2কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।

3এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা? তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা ।

4তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; তেওঁলোকে মিছা কথাত সন্তোষ পায়; মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। [চেলা]

5হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে।

6কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।

7ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।

8হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। [চেলা]

9অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।

10তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।

11ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে।

12হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath