খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 54

1হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।

2হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া।

3কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]

4কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে ।

5তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।

6মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।

7কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath