খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 53

1নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই।

2ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে, তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই; ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই।

3তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।

4“যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি? তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে । তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে।

5আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে । সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে ।

6ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath