গীতমালা 51
1হে ঈশ্বৰ, তোমাৰ অসীম প্রেম অনুসাৰে মোক কৃপা কৰা, তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা।
2মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।
3মোৰ পাপবোৰ মই নিজে জানিছোঁ; মোৰ পাপ সদায় মোৰ আগত আছে।
4তোমাৰ বিৰুদ্ধে, কেৱল তোমাৰেই বিৰুদ্ধে মই পাপ কৰিলোঁ; তোমাৰ দৃষ্টিত যি বেয়া মই তাকে কৰিলোঁ; তুমি তোমাৰ বাক্যত ধাৰ্মিক, তোমাৰ বিচাৰ নিখুঁত।
5চোৱা, অধৰ্মতে মোৰ জন্ম হল; মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে।
6তুমি হৃদয়ৰ মাজত সত্যতাক চাব বিচাৰা; সেয়ে, তুমিয়েই মোৰ গোপন হৃদয়ত শিক্ষা দিবা।
7এচোব বনেৰে তুমি মোক পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।
8মোক আনন্দ আৰু উল্লাসৰ ধ্বনি শুনিবলৈ দিয়া; তুমি গুড়ি কৰা মোৰ অস্থিবোৰক উল্লাসিত হবলৈ দিয়া।
9মোৰ পাপ সমূহৰ পৰা তুমি তোমাৰ মুখ ঢাকা; মোৰ সকলো অপৰাধ মোচন কৰা।
10হে ঈশ্বৰ, তুমি মোৰ ভিতৰত শুদ্ধ অন্তৰ সৃষ্টি কৰা; মোৰ অন্তৰত এক নতুন আৰু সুস্থিৰ আত্মা স্থাপন কৰা।
11তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।
12তোমাৰ পৰিত্ৰাণৰ আনন্দ মোক পুনৰায় দান কৰা; তোমাৰ উদাৰ আত্মা দি মোক ধৰি ৰাখা।
13তেতিয়া মই পাপীবোৰক তোমাৰ পথৰ বিষয়ে শিক্ষা দিম, তাতে পাপী লোক তোমাৰ ফালে ঘূৰিব।
14হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা; তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব।
15হে প্ৰভু, মোৰ ওঁঠ মুকলি কৰা; মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব।
16কিয়নো তুমি বলিদানত সন্তুষ্ট নোহোৱা; হোৱা হ’লে মই তাক দিলোহেঁতেন; হোমবলিতো তুমি সন্তুষ্ট নোহোৱা।
17ভগ্ন মন ঈশ্বৰৰ গ্ৰহণীয় বলি, ইয়াক দিয়া ; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।
18তোমাৰ মংগলময় ইচ্ছাৰে তুমি চিয়োনৰ মঙ্গল কৰা; যিৰূচালেমৰ প্রাচীৰ তুমি পুনৰ নিৰ্ম্মাণ কৰা।
19তেতিয়া ধাৰ্মিকতাৰ বলি উৎসর্গ, হোমবলি উৎসর্গ আৰু পূৰ্ণাহুতি হোমবলি উৎসর্গত তুমি আনন্দিত হ’বা। তাৰ পাছত তোমাৰ যজ্ঞবেদীৰ ওপৰত লোকসকলে দামুৰি উৎসৰ্গ কৰিব।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath