খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 43

1হে ঈশ্বৰ, মোৰ বিচাৰ কৰা; ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা; ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।

2কিয়নো তুমিয়েই মোৰ ঈশ্বৰ, মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা? মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ?

3তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক; সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈ আৰু তোমাৰ আবাসলৈ লৈ যাওঁক।

4তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম।

5হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath