খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 24

1পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।

2কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।

3যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে? তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ’ব পাৰে?

4কেৱল সেই জনেই পাৰে, যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়।

5তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব; তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।

6এই লোকসকলেই যিহোৱাক বিচাৰে, যাকোবৰ ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে ; তেওঁলোকেই যাকোবৰ বংশ। (চেলা)

7হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।

8সেই প্ৰতাপী ৰজা কোন? তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।

9হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।

10সেই প্ৰতাপী ৰজা কোন? তেওঁ বাহিনীসকলৰ যিহোৱা, তেওঁ গৌৰৱৰ ৰজা। (চেলা)।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath