খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 19

1গগণ-মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে; আকাশ-মণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়।

2দিনৰ পাছত দিন সেইবোৰৰ পৰা কথা ওলাই আহে; ৰাতিৰ পাছত ৰাতি সেইবোৰে জ্ঞান প্ৰচাৰ কৰে।

3কিন্তু তাৰ কোনো কথা নাই, কোনো ভাষা নাই; তাৰ শব্দও শুনা নাযায়।

4তথাপিও সেইবোৰৰ মাত সমগ্র পৃথিবীতে বিয়পি যায়; সেইবোৰৰ কথা জগতৰ শেষ সীমালৈকে বিয়পি যায়; আকাশ-মণ্ডলত তেওঁ সূৰ্যৰ বাবে এটা তম্বু স্থাপন কৰিলে।

5সূৰ্যই দৰাৰ দৰে নিজৰ শোৱনি কোঁঠাৰ পৰা ওলাই আহে; নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।

6সেয়ে আকাশৰ এটা মূৰত উদয় হৈ ঘূৰি তাৰ সিটো মূৰ পায়গৈ; তাৰ তাপৰ পৰা কোনো বস্তুৱেই লুকাই নাথাকে

7যিহোৱাৰ ব্যৱস্থা সিদ্ধ, সেয়ে মানুহৰ প্ৰাণক জগাই তোলে; যিহোৱাৰ বাক্য বিশ্বাসযোগ্য, সেয়ে সাধাৰণ লোকক জ্ঞান দান কৰে।

8যিহোৱাৰ আদেশবোৰ যথাৰ্থ, সেয়ে মানুহৰ হৃদয়ত আনন্দ দান কৰে; যিহোৱাৰ আজ্ঞা সুস্পষ্ট, সেয়ে অন্তর্দৃষ্টিক দীপ্তিময় কৰে।

9যিহোৱা বিষয়ক যি ভয়, সেয়ে শুচি আৰু চিৰস্থায়ী; যিহোৱাৰ শাসন-প্ৰণালীবোৰ সম্পূর্ণভাৱে সত্য আৰু ধাৰ্মিক।

10সেইবোৰ সোণতকৈ, এনেকি নিভাঁজ সোণতকৈয়ো বাঞ্ছনীয়; সেইবোৰ মৌতকৈও সোৱাদ, এনেকি ৰহঘৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈয়ো সোৱাদ।

11তাৰোপৰি সেইবোৰে তোমাৰ দাসক সাৱধান কৰে; সেইবোৰ পালন কৰিলে পৰম লাভ হয়।

12কোনে নিজৰ ভুলবোৰ গমিব পাৰে? মোক গুপুত পাপৰ পৰা শুচি কৰা।

13গৰ্ব্বীকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা; সেইবোৰে যেন মোৰ ওপৰত অধিকাৰ নকৰে; তাতে মই সিদ্ধ হ’ম, আৰু মহা অপৰাধৰ দায়ৰ পৰা মুক্ত হ’ম।

14হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath