গীতমালা 18
1হে যিহোৱা, তুমিয়েই মোৰ বল; মই তোমাক অতি প্ৰীতি কৰোঁ।
2যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
3যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ।
4মৃত্যু-জৰীত মই বান্ধ খাই পৰিছিলোঁ, পৰকালৰ ধ্বংসৰ স্রোতত মই জর্জৰিত হৈছিলো।
5চিয়োল ৰ জৰীয়ে মোক মেৰাই ধৰিছিল, মোৰ বাবে মৃত্যুৰ ফান্দ পতা হৈছিল।
6সঙ্কটৰ কালত মই যিহোৱাক মাতিলো, সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালোঁঁ; তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল।
7তেতিয়া পৃথিৱী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে; পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল; কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল।
8তেওঁৰ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ উঠিল, তেওঁৰ মুখৰ পৰা গ্ৰাসকাৰী জুই ওলাই আহিল; তেওঁৰ মুখৰ জুইৰ পৰা আঙঠা ওলাই জ্বলি থাকিল।
9তেতিয়া তেওঁ আকাশমণ্ডল মুকলি কৰি তললৈ নামি আহিল; তেওঁৰ ভৰিৰ তলত আছিল ঘন ক’লা মেঘ।
10তেওঁ কৰূবত উঠি উড়ি আহিল, বায়ুৰূপ ডেউকাত উঠি শীঘ্ৰে উৰি আহিল।
11তেওঁ অন্ধকাৰেৰে নিজকে চাৰিওফালে ঢাকি ৰাখিলে; চাৰিওফালে থকা আকাশৰ ঘন ক’লা বৰষুণৰ মেঘবোৰক তেওঁ তম্বুৰূপে স্থাপন কৰিলে।
12তেওঁৰ সন্মুখৰ দীপ্তিময় উপস্থিতিৰ পৰা ক’লা মেঘবোৰ ভেদ কৰি, শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠা পৰিবলৈ ধৰিলে।
13যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে; সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল ।
14তেওঁ কাঁড় মাৰি শত্রুবোৰক থানবান কৰিলে, আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে।
15হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।
16তেওঁ ওপৰৰ পৰা হাত আগবঢ়াই মোক ধৰিলে, মহাজল সমূহৰ পৰা মোক তুলি আনিলে।
17মোৰ শক্তিশালী শত্রুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে, যি সকলে মোক ঘৃণা কৰে, তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে; তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল।
18বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে।
19তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে; তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল।
20যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে, মোৰ হাতৰ শুদ্ধ কার্য অনুসাৰে মোক ফল দিলে।
21কিয়নো মই যিহোৱাৰ পথতে চলিলোঁ, কুকৰ্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলো।
22তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।
23তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ।
24এই কাৰণে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে, তেওঁৰ দৃষ্টিত মোৰ হাতৰ শুচি কার্য অনুসাৰে মোক পুৰস্কাৰ দিলে।
25হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা; নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।
26তুমি শুচি লোকৰ সৈতে শুচি ব্যৱহাৰ কৰা, কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা।
27কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা, কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা।
28কিয়নো মোৰ জীৱন-প্ৰদীপ তুমিয়েই জ্বলাই ৰাখা; হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ অন্ধকাৰক পোহৰ কৰি দিয়া।
29তোমাৰ সহায়তে মই সৈন্যদলৰ ওপৰত জপিয়াই পৰিব পাৰোঁ, মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি নগৰৰ গড় পাৰ হ’ব পাৰোঁ ।
30ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
31যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্রয় শিলা আছে?
32ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।
33মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে; ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে।
34তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়; তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে।
35তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা; তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে; তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।
36তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা; তাতে মোৰ ভৰি পিছলি নগল।
37মোৰ শত্রুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ; তেওঁলোক বিনষ্ট নোহোৱা পর্যন্ত মই উলটি নাহিলোঁ।
38মই তেওঁলোকক এনেকৈ আঘাত কৰিলোঁ, যাতে তেওঁলোক পুনৰ উঠিব নোৱাৰে। তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
39তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।
40তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা; যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলোঁ।
41তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে, কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল; তেওঁলোকে যিহোৱাৰ আগত চিঞৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে।
42মই তেওঁলোকক গুড়ি কৰি মাৰিলোঁ, বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলোঁ। বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ।
43লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা; তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা। মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।
44মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে; বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।
45বিদেশীসকল নিৰাশ হ’ল; তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল।
46যিহোৱা জীৱিত! মোৰ আশ্রয়-শিলাৰ প্রশংসা হওঁক, মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওঁক।
47তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে, তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।
48মই মোৰ শত্রুবোৰৰ হাতৰ পৰা ৰক্ষা পালোঁ! অৱশ্যেই, মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা! উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা।
49হে যিহোৱা, সেয়ে আন জাতিবোৰৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
50যিহোৱাই নিজে স্থাপন কৰা ৰজাক মহাজয় দান কৰে; নিজৰ অভিষিক্তজনৰ প্রতি, দায়ুদ আৰু তেওঁৰ বংশধৰসকললৈ, তেওঁ চিৰকাললৈকে তেওঁৰ অসীম প্রেম দেখুৱায়।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath