গীতমালা 17
1হে যিহোৱা, তুমি ন্যায় কথা শুনা; মোৰ কাতৰোক্তিলৈ মনোযোগ দিয়া; ছলনাকাৰী ওঁঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা।
2মোৰ ওপৰত তোমাৰ বিচাৰ যেন ন্যায্য হয়; যি সত্য, তাক তোমাৰ দুচকুৱে দেখক।
3যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মই সিদ্ধান্ত কৰিলোঁ, মোৰ মুখে অপৰাধ নকৰে।
4মানুহে যিবোৰ কার্য কৰে, সেয়া নকৰি, মই তোমাৰ ওঁঠৰ বাক্যৰ সহায়ত উচ্ছৃঙ্খল পথৰ পৰা মই নিজকে পৃথক কৰি ৰাখিছোঁ।
5তোমাৰ পথতে মই মোৰ ভৰি স্থিৰে ৰাখিছো; মোৰ ভৰি পিছল খোৱা নাই।
6হে ঈশ্বৰ, মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, কিয়নো তুমি মোক উত্তৰ দিবা; মোৰ প্রার্থনালৈ কাণ পাতা, মোৰ কথা শুনা।
7তোমাৰ গভীৰ প্রেম, আশ্চর্যভাৱে প্রকাশ কৰা; হে ত্রাণকর্তা, শত্রুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে যি সকলে তোমাত আশ্ৰয় লয়, তুমি তেওঁলোকক তোমাৰ সোঁ-হাতেৰে ৰক্ষা কৰা।
8চকুৰ মণিৰ দৰেই তুমি মোৰ ৰক্ষক হোৱা; তুমি মোক তোমাৰ ডেউকাৰ ছাঁত লুকুৱাই ৰাখা;
9যি সকলে মোৰ ওপৰত উৎপীড়ন কৰে, সেই দুষ্ট লোকসকলৰ পৰা, যিসকলে প্রাণ-নাশৰ কাৰণে মোক ঘেৰি ৰাখিছে, সেই শত্রুবোৰৰ পৰা, তুমি মোক তোমাৰ ডেউকাৰ তলত লুকুৱাই ৰাখা।
10তেওঁলোকে তেওঁলোকৰ হৃদয়ত থকা মমতাৰ দুৱাৰ বন্ধ কৰি ৰাখিছে, তেওঁলোকে মুখেৰে অহংকাৰৰ কথা কয়;
11তেওঁলোকে মোক বিচাৰিলে আৰু এতিয়া মোক চাৰিওফালে ঘেৰি ধৰিছে; তেওঁলোকে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে, যাতে মোক মাটিত পেলাব পাৰে।
12তেওঁলোক চিকাৰ ছিৰা-ছিৰ কৰিবলৈ আগ্রহী হোৱা সিংহৰ নিচিনা; গোপনে খাপ পাতি থকা ডেকা সিংহৰ সদৃশ।
13হে যিহোৱা, তুমি উঠা, তেওঁলোকক আক্ৰমণ কৰা, তেওঁলোকক দলিয়াই পেলোৱা; তোমাৰ তৰোৱালৰ দ্বাৰাই দুষ্ট লোকৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
14হে যিহোৱা, মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা; সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে। তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক, তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক, শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।
15কিন্তু মই হ’লে ধাৰ্মিকতাৰ গুণে তোমাৰ মুখ দেখা পাম; মই যেতিয়া সাৰ পাম, তোমাৰ প্রতিমূর্তি দেখি মই পৰিতৃপ্ত হম।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath