খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 150

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। ঈশ্বৰৰ পবিত্ৰ স্থানত তেওঁৰ প্ৰশংসা কৰা; তেওঁৰ শক্তিৰে গঢ়া আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰা।

2তেওঁৰ মহৎ কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা, তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা।

3শিঙা-বাদ্যেৰে তেওঁৰ প্ৰশংসা কৰা; নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা।

4খঞ্জৰী লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা; তাঁৰযুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা।

5কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁৰ প্ৰশংসা কৰা; কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁৰ প্ৰশংসা কৰা।

6শ্বাসযুক্ত সকলো প্রাণীয়েই যিহোৱাৰ প্ৰশংসা কৰক। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath