গীতমালা 14
1এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে জঘন্য কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
2যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
3তেওঁ দেখিলে, সকলোৱেই অপথে গ’ল; সকলো উচ্ছৃঙ্খল হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই।
4যিসকলে দুষ্টতাৰ কার্য কৰে, তেওঁলোক কি ইমানেই জ্ঞানশূন্য যে, মানুহে নিজৰ আহাৰ খোৱাৰ নিচিনাকৈ তেওঁলোকে মোৰ লোকসকলক খাই পেলায় আৰু তেওঁলোকে যিহোৱাৰ ওচৰত প্ৰাৰ্থনাও নকৰে?”
5ঈশ্বৰ তেওঁৰ ভক্তসকলৰ সঙ্গত থাকে। সেয়ে সেই লোকসকল তাত ভীষণ ভয়ৰ মাজত থাকিব।
6দুষ্টতাৰ কার্য কৰা যি তোমালোক, তোমালোকে দুখীয়াৰ পৰিকল্পনা ব্যৰ্থ কৰিবা, কিন্তু যিহোৱা তেওঁলোকৰ আশ্ৰয়।
7অহ! ইস্রায়েলৰ উদ্ধাৰ চিয়োনৰ মাজৰ পৰা আহক! যিহোৱাই যেতিয়া তেওঁৰ লোকসকলৰ অৱস্থা পুনৰ পৰিবর্তন কৰিব, তেতিয়া যাকোবৰ বংশই আনন্দ কৰিব; ইস্রায়েলীয়াসকল উল্লাসিত হ’ব।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath