খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 147

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।

2যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে; সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে।

3তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।

4তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে।

5আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।

6যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে।

7তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা।

8যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,

9পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে তেওঁ আহাৰ দিয়ে।

10ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়;

11কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।

12হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা।

13কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে।

14তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে।

15তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়।

16তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে।

17তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে?

18তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়।

19তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে।

20অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath