গীতমালা 145
1হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
2মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম।
3যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।
4এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।
5মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ আৰু তোমাৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে ধ্যান কৰিম।
6লোকসকলে তোমাৰ ভয়ানক পৰাক্রমী কাৰ্যবোৰৰ কথা ক’ব; আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম।
7তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
8যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
9যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।
10হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
11তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব,
12যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
13তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী ।
14যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে।
15সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;
16তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।
17যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্মিক আৰু সমুদায় কাৰ্যতে দয়াৱান।
18যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
19যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
20যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
21মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath