খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 141

1হে যিহোৱা, মই তোমাক মাতিছো; তুমি শীঘ্রেই মোৰ ওচৰলৈ আহাঁ। মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা।

2মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক, মই ওপৰলৈ তোলা মোৰ হাত সন্ধিয়া উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।

3হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা, মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা।

4কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা, মই যেন অধার্মিকবোৰৰ সৈতে দুষ্টতাৰ কাৰ্য নকৰোঁ; তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰোঁ।

5ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; তেওঁ মোক অনুযোগ কৰক, সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। কিন্তু মোৰ প্রার্থনা সকলো সময়তে দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব।

6তেওঁলোকৰ শাসক সকলক ওখ পর্বতৰ ওপৰৰ পৰা তললৈ পেলোৱা হ’ব, তেতিয়া তেওঁলোকে মোৰ বাক্যলৈ কাণ দিব, কিয়নো সেয়ে মধুৰ।

7মানুহে হাল বাই যেনেকৈ মাটি ভাঙে, তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে।

8কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ চকু তোমাৰ ফালেই আছে; মই তোমাতেই আশ্ৰয় লৈছোঁ, মোৰ প্ৰাণ মৃত্যুৰ হাতত এৰি নিদিবা।

9তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে, তাৰ পৰা মোক ৰক্ষা কৰা, অধার্মিকবোৰৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা।

10দুষ্ট লোক তেওঁলোকৰ নিজৰ জালত নিজেই পৰক, আৰু মই সেই সময়ত অকলেই ৰক্ষা পাম।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath