খ্ৰীষ্টান ধৰ্ম
উভতি যাওক

গীতমালা 138

1হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম; দেৱতাবোৰৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।

2তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম; তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্ৱস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো তোমাৰ নাম আৰু তোমাৰ আজ্ঞাবোৰ সকলোতকৈ মহান ।

3মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা; তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।

4হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব; কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে।

5তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব; কিয়নো যিহোৱাৰ গৌৰৱ মহান।

6কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে; কিন্তু অহংকাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।

7যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা ; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।

8যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব; হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী। তুমি তোমাৰ হাতৰ কৰ্ম ত্যাগ নকৰিবা।

উত্‍স: ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

WEBREATH · 11:11

«He himself gives everyone life and breath and everything else» — Acts 17:25

Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.

WEBREATH — the Minute at 11:11, your own local time — we are One Breath