গীতমালা 107
1যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
2যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওঁক, যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে,
3যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে।
4তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল, তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে।
5তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল।
6তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে।
7তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে; যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে।
8মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
9কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।
10কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।
11কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
12সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল।
13তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে।
14তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।
15মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক।
16তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; আৰু লোহাৰ ডাংবোৰ কাটি পেলালে।
17যি সকল নিৰ্ব্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।
18তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল।
19সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
20তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।
21মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
22তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।
23যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে, আৰু মহা জল সমূহৰ ওপৰেদি ব্যৱসায় কৰে,
24তেওঁলোকে যিহোৱাৰ কাৰ্যবোৰ দেখে, গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে।
25তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে;
26ঢৌবোৰ বহু ওপৰলৈ উঠে, পুনৰ বহু গভীৰলৈ নামি আহে; বিপদৰ কালত তেওঁলোকৰ প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়।
27মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰে; তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়।
28সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে, তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
29তেওঁ ধুমুহাক প্রশমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে।
30সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।
31মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
32সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক, বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক।
33নদীবোৰক তেওঁ মৰুভূমিলৈ, জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে;
34তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে।
35তেওঁ মৰুভূমিক জলাশয়লৈ, শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে।
36ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়; তেওঁলোকে তাত নগৰ স্থাপন কৰে।
37তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে, আৰু প্রচুৰ ফল চপায়।
38তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।
39উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়, তেওঁলোকৰ নীহ অৱস্থা হ’য়।
40তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়, পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়;
41কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে, আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়।
42তাকে দেখি ধাৰ্মিক লোকে আনন্দ কৰে, কিন্তু সকলো অধৰ্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে।
43যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।
WEBREATH · 11:11
«He himself gives everyone life and breath and everything else» — Acts 17:25
Breath is one for all: everyone lives by it, whoever they are and whatever they believe. Every day at 11:11 local time people stop for sixty seconds, breathe, and thank GOD for the breath — each in their own words, each within themselves. In that minute we are One Breath.
WEBREATH — the Minute at 11:11, your own local time — we are One Breath